ASSAM TIMES POST
নগাঁও : মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চেম্বাৰ্চ অৱ কমাৰ্চে আজি আহবান দিয়া ব্যবসায়ীক প্ৰতিষ্ঠান বন্ধৰ প্ৰতি নগাঁও বাসীয়ে বিপুল সাহৰি জনায় । এই বন্ধৰ সময় চোৱাত জিলাখনৰ সকলো ব্যবসায়ীক প্ৰতিষ্ঠান বন্ধ থাকে।
অৱশ্যে জৰুৰীকালীন সেৱা সমূহ চলি থাকে। আজি জিলাখনত যান বাহনৰ চলাচল একেবাৰে সীমিত আছিল। মূখ্যমন্ত্ৰী সবানন্দ সোনোৱালৰ প্ৰতি সহাৰি জনাই জিলাখনৰ নাগৰিক সকল ঘৰতে সুমাই থকাৰ ফলত নগাঁও চহৰকে ধৰি জিলাখনৰ সকলোবোৰ ব্যস্ত অঞ্চলত জনাসমাগম লক্ষনীয় ভাবে হ্ৰাস পায়। জিলা উপায়ুক্তৰ কাৰ্যালয়কে ধৰি সকলোবোৰ কাৰ্যালয়ত বিষয়া কৰ্মচাৰী উপস্থিতি হাৰ অতি সেৰেঙা হোৱাৰ লগতে কাৰ্যালয় সমূহত সৰ্বসাধাৰণৰ সমাগম শূন্য হৈ পৰে।

আজি জিলাখনৰ প্ৰায়বোৰ চৰকাৰী কাৰ্যালয়ত বিয়লি দুই পিছত কৰ্মচাৰী শূন্য হৈ পৰে কাৰ্যালয় সমুহ। ইপিনে, নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে ক’ৰণো ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ পাঁচটা স্থানত সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে পানীৰ টেংকী, চাবোন, চেনিটাইজাৰ আদিৰ ব্যৱস্থা কৰিছে। সৰ্বসাধাৰণ ৰাইজে এই ড্ৰাম সমুহৰ পানীৰে হাত ধুব পাৰিব।
নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই আজি ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ গ্ৰাহক-কৰ্মচাৰীৰ মাজত চেনিটাইজাৰ বিতৰণ কৰে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আজি নিজৰ সমষ্টি চামগুৰিত ৰাইজৰ মাজত মাস্ক, গ্লোবছ, চাবোন আদি বিতৰণ কৰাৰ লগতে প্ৰচাৰ প্ৰচাৰ পত্ৰ বিতৰণ কৰে। তদুপৰি, নগাঁৱৰ সাংবাদিক সকলৰ মাজতো অনুৰূপ সামগ্ৰী বিতৰণ কৰে।













