ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টিত আজি বিয়লি ৪ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বাইক আৰোহীক মহতিয়াই নিলে এখন তীব্ৰ বেগী চলন্ত ট্ৰাকে। ফলত গুৰুতৰ ভাবে আহত হয় এজন বাইক আৰোহী। বাইক আৰোহীজন নাম হ’ল চিংকু আহমেদ।
লগতে বাইকখনৰ পিছফালৰ আসনত বহি থকা এগৰাকী মহিলাও সামান্য ভাবে আহত হয়। ইপিনে, গুৰুতৰ ভাবে আহত বাইক আৰোহী চিংকুক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে AS 21 D 0712। উল্লেখ্য যে অবৈধ পাৰ্কিং আৰু ব্যৱসায়ীয়ে পদ পথ দখল কৰাৰ বাবেই এইদৰে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।













