ASSAM TIMES POST
মংগলবাৰৰ ভিতৰত ক্ৰয় কৰক অন্যথা লক ডাউনৰ সময়ত ৰাজ্যত বন্ধ থাকিব ৰন্ধন গেছৰ ছিলিণ্ডাৰ যোগান । মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে লক ডাউন।লক ডাউনৰ সময়ছোৱাত ৰাজ্যত সম্পূৰ্ন ৰূপে বন্ধ থাকিব ৰন্ধন গেছৰ যোগান।এই কথা জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
ৰাইজক আহ্বান জনাই মন্ত্ৰী ডক্টৰ শৰ্মাই কয় “যদি কোনো ব্যক্তিক ৰন্ধন গেছৰ প্ৰয়োজন আছে তেন্তে মংগলবাৰ সন্ধিয়া ৬বজা পূৰ্বে ক্ৰয় কৰক।অন্যথা ৩১মার্চ লৈকে কোনো নাপাব ছিলিণ্ডাৰ”।













