ASSAM TIMES POST
নিউজ ডেস্ক
কৰ’না ভাইৰাছৰ আতংকৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠান আৰু তেওঁৰ ভাতৃ ইউছুপ পাঠানে মানৱীয় দৃষ্টিৰে চাৰি হাজাৰ মাস্ক দান কৰিছে৷ যিসকল লোকক এই মাস্কৰ প্ৰয়োজন সেইসকলৰ বাবে পাঠান ভাতৃদ্বয়ে মাস্ক বিতৰণ কৰিছে ৷
উল্লেখ্য যে ২৯খন টেষ্ট আৰু ১২০খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলা প্ৰাক্তন বেগী বলাৰ ইৰফানে কয়, সমাজৰ বাবে কিছু কাম কৰা প্ৰয়োজন৷ এই সময়ত আমি প্ৰত্যেকে প্ৰত্যেকক সহায় কৰা প্ৰয়োজন৷ তেওঁলোকে মহম্মদ খান পাঠান চেৰিটেব’ল ট্ৰাষ্টৰ নামত এই মাস্কখিনি বিতৰণৰ বাবে আগবঢ়ায়৷ তেওঁলোকে বৰোডা স্বাস্থ্য বিভাগক মাস্কখিনি আগবঢ়ায় ৷











