
উপাৰ্জনৰ আশাত বিভিন্ন ঠাইৰ পৰা কামলৈ গৈছিল শ্ৰমিকসকল। কিন্তু তেওঁলোকৰ কৰ্মজীৱন দুৰ্বিষহ হৈ পৰিছিল। মাহৰ পিছত মাহ ধৰি বন্দী হৈ আছিল। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ (Muzaffarnagar, Uttar Pradesh)ৰ এটা কাৰখানাৰ পৰা শ্ৰমিকক উদ্ধাৰ (Rescue the worker from the factory) কৰাৰ পিছত এই চক্ৰৰ খবৰ পোহৰলৈ আহে। কাৰখানাটোত শ্ৰমিকসকলে কেনেদৰে কাম কৰিছিল, তাত বন্দী হৈ কেনেকৈ জীৱন কটাইছিল সেই সম্পৰ্কে বিভিন্ন তথ্য উন্মোচিত হৈছে। উদ্ধাৰ কৰা শ্ৰমিক বা তেওঁলোকৰ পৰিয়ালৰ বক্তব্যত বিভিন্ন চাঞ্চল্যকৰ কাণ্ডৰ কথা পোহৰলৈ আহিছে।
তিনি মাহ ধৰি ৬৮ বছৰীয়া মেহেৰবান শ্বাহে উদ্বিগ্নতাত জীৱন কটাবলগীয়া হৈছিল। তেওঁ মাথোঁ জানিছিল যে তেওঁৰ সৰু ল’ৰা দিলছাদ মহম্মদে মুজাফ্ফৰনগৰৰ এটা কাৰখানাত কাম কৰে। কিন্তু তেওঁ জীয়াই আছে নে নাই সেই প্ৰশ্নৰ কোনো উত্তৰ নাছিল মেহেৰবানৰ হাতত। ২৪ বছৰীয়া দিলছাদৰ ঘৰ উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত। পাঁচ মাহ পূৰ্বে কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিল। প্ৰথম কেইসপ্তাহমান তেওঁ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে নিয়মীয়াকৈ যোগাযোগত আছিল। তাৰ পাছত এদিন হঠাতে ফোন বন্ধ হৈ যায়।
মেহেৰবানে কয়, “আমি বিভিন্ন ঠাইত বিচাৰিলোঁ। তেওঁ (দীলছাদ) হয়তো য’লৈ গৈছিল, আমি তালৈ গৈ খবৰ পাইছিলোঁ। কিন্তু কোনেও একো ক’ব পৰা নাছিল। মোৰ ল’ৰাটো জীয়াই আছেনে নাই আমি নাজানিছিলোঁ। আমি সকলো ভগৱানৰ ওপৰত এৰি দিলোঁ।” মঙলবাৰে হঠাৎ মেহেৰবানৰ ফোনটো বাজি উঠে। মাতৃয়ে চাই ফোনৰ স্ক্ৰীণত কনিষ্ঠ পুত্ৰৰ নামটো প্ৰত্যক্ষ কৰে। কেৱল দিলছাদেই নহয়, সোমবাৰে মুজাফ্ফৰনগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে কমেও ১১জন শ্ৰমিকক। আৰক্ষী বিষয়াৰ মতে, এই ঘটনাটো প্ৰথমে পোহৰলৈ আনিছিল ৰাজস্থানৰ যোধপুৰৰ বাসিন্দা বিক্ৰমে। মুজাফ্ফৰনগৰৰ কাগজৰ প্লেট কাৰখানাটোত তেৱোঁ কাম কৰিছিল। কাৰখানাৰ বেৰখন ফুটা কৰি বিক্ৰমে পলায়ন কৰিবলৈ সক্ষম হৈছিল। ২২ জুনত তেওঁ কাৰখানাৰ পৰা পলায়ন কৰি পোনে পোনে টিটাৱী থানালৈ যায়।
ইয়াৰ পিছত পোহৰলৈ আহে কাৰখানাটোৰ ভিতৰৰ অমানৱীয় ছবি। তেওঁৰ বক্তব্যৰ ভিত্তিত এই পৰ্যন্ত আৰক্ষীয়ে কাৰখানাটোত কৰ্মৰত ১২ জন শ্ৰমিকক উদ্ধাৰ কৰিছে। ইয়াৰে ভিতৰত নাবালকো আছে। এই পৰ্যন্ত আৰক্ষীয়ে এই ঘটনাত কাৰখানাৰ মালিক অংকিত বালিয়ানৰ পিতৃ প্ৰদীপ আৰু তত্বাৱধায়ক শিৱ ত্যাগীক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰীয়ে অংকিতক বিচাৰি থকা বুলি জানিবলৈ দিয়ে। শ্রমিকসকলক নিৰীক্ষণ কৰিবলৈ তেওঁ শিৱক নিয়োগ কৰিছিল৷ বিএনএছৰ নিৰ্দিষ্ট ধাৰাত তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

তদন্তকাৰীয়ে সন্দেহ কৰিছে যে উদ্ধাৰ কৰা একাংশ শ্ৰমিকক ডেৰ বছৰতকৈ অধিক সময় ধৰি কাৰখানাটোত বন্দী কৰি ৰখা হৈছিল। মুজাফ্ফৰনগৰৰ এছ এছ পি সঞ্জয় বৰ্মাই কয়, “ভাল চাকৰি, দৰমহা, খাদ্য আৰু থকাৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতিৰে ৰে’ল ষ্টেচন, বাছষ্টেণ্ড আৰু অন্যান্য জনবসতিপূৰ্ণ অঞ্চলৰ পৰা শ্ৰমিকক কাৰখানাটোলৈ অনা হৈছিল। কাৰখানা কৰ্তৃপক্ষই কেৱল স্থানীয় অঞ্চলৰ পৰাই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও শ্ৰমিক আনিছিল।
তদন্তত প্ৰকাশ পাইছে যে শ্ৰমিকসকলে কামত যোগদান কৰাৰ লগে লগে তেওঁলোকৰ পৰা মোবাইল ফোন কাঢ়ি লৈ যায়। কেৱল সেয়াই নহয়, শ্ৰমিকসকলৰ পৰা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডকে ধৰি সকলো পৰিচয়-পত্ৰও কাঢ়ি লৈ যায় কৰ্তৃপক্ষই। কোনো শ্ৰমিককে কাৰখানা চৌহদৰ পৰা ওলাই যাবলৈ দিয়া নহয়। আৰু ইয়াৰ বাবেই পৰিয়াল বা বন্ধু-বান্ধৱী বা আত্মীয়কে ধৰি কাৰো লগত যোগাযোগ কৰাৰ সুযোগ নাছিল। অভিযোগ অনুসৰি, কাৰখানাত তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। উদ্ধাৰ কৰা শ্ৰমিকসকলে আৰক্ষীক জনোৱা মতে, প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা মাজনিশালৈ অৰ্থাৎ প্ৰায় ২০ ঘণ্টা কাম কৰিব লাগিছিল। অসুস্থ হ’লেও তেওঁলোকক কোনো ছুটী দিয়া হোৱা নাছিল। কোনোবাই যদি প্ৰতিবাদ কৰিছিল তেন্তে লোহাৰ ৰডেৰে মাৰপিট কৰা হৈছিল।
আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰৰ পিছত ১২ জন শ্ৰমিকক চিকিৎসা পৰীক্ষা কৰা হয়। প্ৰতিবেদনত দেখা গৈছে যে শ্ৰমিকসকলৰ কিছুমানৰ ঘা হৈছে, কিছুমানৰ হাড় ভাঙিছে আৰু কিছুমানৰ কাটিছে। তদন্তকাৰীৰ মতে, দীৰ্ঘদিনীয়া শাৰীৰিক নিৰ্যাতনৰ বাবে শ্ৰমিকসকলৰ এনে অৱস্থা হৈছে। লোহাৰ ৰড, বেল্ট, লাঠি আদিৰে মাৰপিট কৰাৰ অভিযোগো উত্থাপন হৈছে। যাতে কাম বন্ধ নকৰে তাৰ বাবে কিছুমানক পিট বুলৰ ভাবুকি দিয়া হৈছিল। অভিযোগ অনুসৰি, কাৰখানাৰ পৰা কোনো লোক যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে হিংস্ৰ কুকুৰক পহৰা দিবলৈ ৰখা হৈছিল।
অভিযোগ অনুসৰি, ২০ ঘণ্টা কাম কৰিবলৈ দিয়া হৈছিল আৰু পৰ্যাপ্ত খাদ্যও দিয়া হোৱা নাছিল। শ্ৰমিকসকলে আৰক্ষীক জনোৱা মতে, তেওঁলোকক দিনটোত মাত্ৰ এবাৰকৈ আহাৰ দিয়া হয়। সেইটোও পৰিমাণত কম আছিল। খাদ্যত ব্ৰাউণ ব্ৰেড আৰু অলপ তৰকাৰী আছিল। তদন্তকাৰীয়ে জনোৱা মতে, কাৰখানাটোত বন্দী অৱস্থাত কেনেকৈ দিন কটায় সেই কথা কওঁতে বহু শ্ৰমিকে চকুলোৰে ভাঙি পৰে। আৰক্ষীৰ অনুমান অনুসৰি, পুষ্টিহীনতা, অতিৰিক্ত কাম, টোপনিৰ অভাৱ, শাৰীৰিক নিৰ্যাতনৰ বাবে কাৰখানাটোৰ কেইবাজনো শ্ৰমিকৰ মৃত্যু হ’ব পাৰে। অৱশ্যে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত আছে। দিলছাদে ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল। কথা কওঁতে তেওঁ কপি উঠিছিল।
তেওঁ কয়, “কোনোবাই ঘৰলৈ যাব বিচাৰিলে বা তিনি-চাৰি ঘণ্টাৰ অধিক টোপনি বিচাৰিলে তাক মাৰপিট কৰিছিল।” আগ্ৰাৰ বাসিন্দা সোণু চৌহানে কয়, “মই দুমাহ ধৰি কাৰখানাটোত কাম কৰি আছিলোঁ। মোক কোৱা হৈছিল যে মই দিনটোত আঠ ঘণ্টা কাম কৰিব লাগিব। মোক ১৪ হাজাৰ টকা দিয়া হ’ব। তাৰ লগতে মোক বিনামূলীয়াকৈ খাদ্য আৰু থকাৰ ব্যৱস্থা কৰা হ’ব। কিন্তু কামলৈ যোৱাৰ সময়ত বেলেগ এখন ছবি দেখা পালোঁ। প্ৰথমতে মোৰ মোবাইল ফোন আৰু পৰিচয়-পত্ৰ কাঢ়ি লৈ গ’ল। কাম আৰম্ভ কৰাৰ পিছত মই দেখিলোঁ যে কোনো সময়সীমা নাছিল। মোক ২০ ঘণ্টাৰো অধিক সময় কাম কৰিব দিয়ে। ভুল কৰিলে কোনো কথা নাই, মাৰপিটৰ লগতে খাদ্যও দিয়া নাছিল।”












