ASSAM TIMES POST
নিউজ ডেস্ক
অলিম্পিকত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে হকী, এথলেটিকছ আৰু ভাৰোত্তলনৰ প্ৰশিক্ষণ শিবিৰ অব্যাহত থাকিব৷ এই কথা উল্লেখ কৰিছে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দ্ৰ বাট্ৰাই৷ এই তিনিটা খেলৰ বাদে অন্যান্য এথলেটছসকলক ক’ৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ঘৰলৈ যাবলৈ কৈছে৷
‘এই সময়ত হকীৰ পুৰুষ আৰু মহিলা, এথলেট আৰু ভাৰোত্তলনৰ এথলেটসকল প্ৰশিক্ষণ শিবিৰত থাকিব আৰু আন সকলো খেলুৱৈ ঘৰলৈ যাব লাগিব৷’ এইদৰে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দ্ৰ বাট্ৰাই কয়৷ সভাপতিজনে লগতে কয় যে তেওঁ ক্ৰীড়া মন্ত্ৰালয়ৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি আছে৷











