ASSAM TIMES POST
গুৱাহাটী, ২৪ মাৰ্চঃ মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ ৰাজ্যত জাৰি হ’ল লক ডাউন। সন্ধিয়া ৬ বজাৰ লগে লগে পূৰ্বে ঘোষণা অনুসৰি কাৰ্যকৰী হ’ল লক ডাউন। মহানগৰীৰ ৰাইজৰ মাজত পুনৰ প্ৰশাসনৰ ফালৰ পৰা মাইকৰ জড়িয়তে ঘোষণা কৰা হয় এই কথা। আজিৰে কাৰ্যকৰি হোৱা লক ডাউন বাহাল থাকিব ৩১ মার্চ ৰাতি ১২ বজা পৰ্যন্ত।
এই সময়ত কোনো ব্যক্তি ঘৰৰ পৰা বিনা কাৰণত ওলাব নোৱাৰিব। যদি বিনা কাৰণত কোনো ব্যক্তি ৰাস্তালৈ ওলাই তেন্তে সেইসকলক নিয়ম ভংগকাৰীক আইন অনুসৰি বিহা হ’ব ৬মাহৰ পৰা ২বছৰ পযৰ্যন্ত জেল। এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। তাৰ বাবে সোমবাৰৰ এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুলিচ প্ৰশাসনক নির্দেশ প্ৰদান কৰিছে দেখা মাত্ৰকে গ্ৰেপ্তাৰ কৰা বাবে।
উল্লেখ যে, লক ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী যোগান অব্যাহত থাকিব। কোনো কাৰণতে বন্ধ নহয় খাদ্য-সামগ্ৰী দোকান। তাৰ বাহিৰে বন্ধ হ’ব সকলো বজাৰৰ পৰা আৰম্ভ কৰি মাছ-মাংস সকলো দোকান।

চিকিৎসা ব্যৱস্থা এই সময়ছোৱাত সম্পূৰ্ণৰূপে খোলা থাকিব। ফাৰ্মাচীৰ বিপণিসমূহ খোলা ৰখাৰ লগতে গাখীৰ যোগান এই সময়ছোৱাত ৰাইজৰ সুবিধা বাবে খোলা থাকিব। সমান্তৰালকৈ লক ডাউনৰ সময়ছোৱাত একমাত্ৰ জৰুৰীকালীন সেৱাৰ লগতে খোলা থাকিব তেল ডিপুসমূহ।
চিকিৎসাকর্মী-চিকিৎসক, সাংবাদিক, চাফাইকর্মী আৰু জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল ৰাস্তাত ওলাব পাৰিব। এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
গুৰুত্বপূৰ্ণ কথা এই যে এই সময়ছোৱাত ৰাজহুৱা খণ্ড সকলো ধৰণৰ যান-বাহনৰ পৰা আদি কৰি ব্যক্তিগত বাহনৰো চলাচল বন্ধ থাকিব।তিনিজনতকৈ অধিক ব্যক্তিৰ এই সময়ছোৱাত একেলগে জুম বান্ধিব নোৱাৰিব।
সম্পূৰ্ন ঘৰতে থাকিব লাগিব ব্যক্তিসকল।
ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি উক্ত সময়ত যদি কোনো ব্যক্তি অসুবিধাৰ সন্মুখীন হয় তেন্তে নিজ জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
উল্লেখ কথা সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছে শেহতীয়া ভাৱে দেশত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।অসমত বৰ্তমান সময়লৈকে কোনো ব্যক্তিৰ দেশত ক’ৰনা ভাইৰাছ উপস্থিতি ধৰা পৰা নাই যদিও উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমটো আক্রান্ত মণিপুৰৰ ইম্ফলত ধৰা পৰিছে।সেই খবৰে অধিক শংকিত কৰি ৰাখিছে ৰাজ্যবাসীক।
ৰাজ্যবাসীক কৰ’না সংক্ৰমন প্ৰতিৰোধৰ বাবে চৰকাৰক সহযোগ কৰে বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰে।













