ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত, ২৪ মার্চঃ কৰ’না ভাইাছৰ প্রতিৰোধৰ বাবে বর্তমান বাজাৰখনৰ সকলো স্তৰৰ নাগৰিক সচেতন হৈ উঠা পৰিলক্ষিত হৈছে। সেয়ে বজাৰত হঠাৎ নাটনি হৈছে হেণ্ডৱাশ্ব, হেণ্ড ছেনিটাইজৰৰ।
আনকি বোকাখাতৰ বজাৰত একাংশ ব্যৱসায়ীয়ে আত্যাধিক দামত এনে সামগ্রী বিক্ৰী কৰাৰ অভিযোগো পোৱা গৈছে। সেয়েহে হেণ্ডৱাশ্ব আৰু হেণ্ড ছেনিটাইজৰৰ চাহিদা পূৰণৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ অনুৰোধমর্মে বোকাখাতৰ বিজ্ঞান শিক্ষানুষ্ঠান চন্দ্রনাথ বেজকবা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত আজি প্ৰস্তুত কৰা হয় হেণ্ড ছেনিটাইজাৰ। মহাবিদ্যালয়খনৰ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক হৰিপ্রসাদ নাথ, সহকাৰী অধ্যাপক ডঃ মধুলিকা দত্ত আৰু পংকজ কলিতাৰ লগতে বিভাগটোৰ একাংশ ছাত্ৰই মহাবিদ্যালয়ৰ বিজ্ঞানানাগাৰত প্রস্তুত কৰি উলিয়ায় এই হেণ্ডৱাশ্ব আৰু হেণ্ড ছেনিটাইজৰ।
ইয়াৰ পিছত প্রস্তুত কৰা ছেনিটাইজাৰসমূহ বোকাখাত মহকুমা প্রশাসনৰ হাতত অৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ চন্দ্ৰ দত্তই। এনে জৰুৰীকালীন সময়ত মহাবিদ্যালয়খনক অধিক পৰিমাণত ছেনিটাইজাৰ প্রস্তুত কৰি সাধাৰণ ৰাইজৰ ব্যবহাৰৰ বাবে দিবলৈ লগতে ইয়াৰ বাবে মহকুমা প্রশাসনক প্ৰয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলে স্থানীয় ৰাইজে আহ্বান জনাইছে।













