ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বোকাখাত আৰক্ষী আৰু আবকাৰী বিভাগে চলোৱা প্ৰাক্ লক ডাউনকালীন অভিযান কালত এক বৃহৎ সফলতা লাভ কৰিছে। কৰ’ণা ভাইৰাচৰ আতংকৰ মাজত ৩১ মাৰ্চ পৰ্যন্ত হ’ব লগীয়া লক-ডাউনৰ সময়ত সুৰাপায়ীৰ সুৰাৰ চাহিদা জোৰা মাৰিব পৰাকৈ বোকাখাতৰ অসৎ ব্যৱসায়ীয়ে চলোৱা এক অপচেষ্টা প্ৰতিহত কৰিছে বোকাখাতৰ আৰক্ষী আৰু আবকাৰী বিভাগে ।

যোৱা নিশা চলোৱা অতৰ্কিত অভিযানত ৰজাবাৰীৰ ভকত চাপৰিত ১০ টা চুলাই ভাটী চুলাই প্ৰস্তুত কৰি থকা অৱস্থাত উচ্ছেদ কৰিছে। আনহাতে বোকাখাতৰ ধপলিয়া গাঁৱতো উচ্ছেদ কৰিছে আন এটা ভাটী। ইফালে আজি পুৱা পুণৰ অতৰ্কিত অভিযান চলাই ৰজাবাৰীস্থিত বৰচাপৰি বাগিছা গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জনৈক গগৈৰ ঘৰৰ পৰা তিনি কুইণ্টল চুলাই প্ৰস্তুতৰ বাবে বিক্ৰী কৰিবলৈ মজুত ৰখা গুড় জব্দ কৰিছে।
ইফালে ভকত চাপৰিৰ পৰা জব্দ কৰিছে তিনি কুইণ্টল গুড়। আৰক্ষী সূত্ৰই জনোৱা মতে এই অভিযান কালত চাৰি হাজাৰ লিটাৰ চুলাই বনাবলৈ গেলাই থোৱা ‘পাছ’ আৰু পঞ্চাশ লিটাৰ চুলাই মদ নষ্ট কৰিছে। যি সময়ত বোকাখাত মহকুমা প্ৰশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য আৰু চিকিৎসা বিভাগে মহামাৰী কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বোকাখাতত দেহেকেহে কাম কৰি আছে, সেই সময়ত লক-ডাউনৰ দিনকেইটাই এজাক মদাহীক মদ খুৱাই মাতাল কৰি সহজ উপাৰ্জনৰ টাৰ্গেত কৰি লোৱা এই চেষ্টা ৰোধ কৰাত সফল হোৱাত স্থানীয় ৰাইজে আৰক্ষী আৰু আবকাৰী বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে।
জানিব পৰা মতে এই অঞ্চলসমূহত এটা দুষ্ট চক্ৰই মদ খালেহে কৰ’ণা নহয় বুলিও এক অপপ্ৰচাৰ চলাইছে। ইফালে ইমান বৃহৎ সাফল্যৰ পাছতো আৰক্ষীয়ে এজনো লোকক কিয় আটক নকৰিলে সেই বিষয়েও ব্যাপক চৰ্চা হৈছে বোকাখাতৰ একাংশ সচেতন নাগৰিকৰ মাজত।













