ASSAM TIMES POST
বোকাখাত : সমগ্র বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰােণা ভাইৰাচ ক’ভিড-১৯ ৰ সংক্রমন প্ৰতিৰােধ কৰিবৰ বাবে যথাবিহিত ব্যৱস্থা হাতত লৈছে বােকাখাত মহকুমা প্রশাসনে । ইতিমধ্যেই কৰােণা ভাইৰাচ ক’ভিড-১৯ ৰ প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে ছয় জনীয়া চিকিৎসকৰ দল গঠন কৰা হৈছে।
এইসকল চিকিৎসক ২৪ ঘণ্টাই ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকিব। বােকাখাত মহকুমা প্রশাসনে মহকুমা উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয়, সত্য নাৰায়ন মন্দিৰ সেৱা সদন, ড আম্বেদকাৰ ভৱন , নাট্য মন্দিৰ, বনশ্রী লজ অৰু কহৰা ফৰেষ্ট গেষ্ট হাউচৰ ডৰ্মেটৰি কোৱাৰেইণ্টাইন চেণ্টাৰ হিচাপে চিহ্নিত কৰিছে। জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গোটেই মহকুমাটোত বৰ্তমান চাৰিটা নিৰীক্ষণকাৰী দল সক্ৰীয় হৈ আছে।
এতিয়ালৈকে সর্বমুঠ ৩০২ জন ব্যক্তিক হােম আইচলেশ্বনত ৰখা হৈছে। জিলাখনত বর্তমান তিনিতৰপীয়া এন ৯৫ মাস্ক ২২ টা আৰু ষাঠি শতাংশ ঔষধ মজুট আছে। বাগিচাসমূহক সতর্ক হৈ থকাৰ লগতে শ্ৰমিকসকলৰ মাজত প্রশাসনৰ সহযােগত বাগিচা কতৃপক্ষৰ দ্বাৰা সজাগতা অভিযান চলাই থকা হৈছে। ইয়াৰ উপৰি প্ৰশাসনৰ তৰফৰ পৰা সময়ে সময়ে ৰাইজক সজাগতামূলক ঘােষনা দি থকা হৈছে।
উল্লেখযোগ্য যে, লক ডাউন সময়ছােৱাত জৰুৰী খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্রী ক্ৰয়ৰ বাবে মহকুমাটোত থকা গেলামালৰ দোকানসমূহৰ এখন তালিকা ইতিমধ্যেই প্ৰশাসনে তৈয়াৰ কৰি উলিয়াইছে। আনহাতে বুধবাৰৰ পৰা মহকুমাটোৰ সকলাে ঠাইতে প্রশাসনৰ দ্বাৰা বীজানুনাশক দ্রব্য চটিওৱা হয়। মহকুমা প্রশাসনে লক ডাউনৰ সময়ছােৱাত ৰাইজক জনসমাগমৰ পৰা আতঁৰত থাকিবলৈ, বিনা কাৰণত নিজৰ ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনাইছে।
কৰােনা ভাইৰাচ ক’ভিড-১৯ সংক্রমন সম্বন্ধিয় যিকোনাে তথ্যৰ বাবে টল ফ্রী নম্বৰ ১০৭৭ আৰু গােলাঘাট জিলা প্রশাসনৰ ০৩৭৭৪২৮৩২৮২ নম্বৰত যােগাযােগ কৰিবলৈ আহ্বান জনাইছে।













