ASSAM TIMES POST
ডিফু : আজি ডিষ্ট্ৰিক্ট লীগেল চাৰ্ভিছ চমুকৈ ডিএলএছএৰ সচিব নাগিব আহমেদৰ নেতৃত্বত আজি ডিএলএছ কৰ্তৃপক্ষই কৰ’না ভাইৰাছ সন্দৰ্ভত ডিফু জেল কৰ্তৃপক্ষই লোৱা সতৰ্কতামূলক ডিফু কাৰাগাৰ চৌহদ পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত ডিএলএছএই জেল কৰ্তৃপক্ষই কৰ’নাৰ বিৰুদ্ধে লোৱা সতৰ্কতামূলক ব্যৱস্থাকলৈ সন্তুষ্টি প্ৰকাশ কৰে ৷
কাৰাবন্দী সকলৰ মাজত জেল কৰ্তৃপক্ষই হেণ্ডৱাছ সামগ্ৰী, মাস্ক আদি প্ৰদান কৰিছে ৷ নতুকৈ কাৰাবন্দী হবলগীয়া কাৰাবন্দী সকলৰ বাবে আছুতীয়া ৱাৰ্ড স্থাপন কৰা হৈছে বুলি ডিএলএছএৰ সুত্ৰত প্ৰকাশ ৷ চিকিৎসক সকলো নিয়মীয়াকৈ জেলত উপস্থিত হৈ আছে বুলি সুত্ৰটোৱে জানিবলৈ দিছে ৷













