ASSAM TIMES POST
হাজো, ২৪ মাৰ্চঃ কামৰূপ জিলাৰ দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মনৰ সহযোগত আজি দমদমা অঞ্চলত বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’না ভাইৰাছ সন্দৰ্ভত ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্য এক সজাগতা অভিযান চলাই।
কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰুবুল চন্দ্ৰ দাস, আছু নেতা বনমালী কলিতা, কমল ডেকা, দমদমা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুমণি দাস সম্পাদক দীপাঙ্কৰ দাস আৰু হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত যোৱা এটা সজাতী দলে পাঁচগাও, গেৰুৱা,বৰদধি, দমদমা, কূলহাটী আদি অঞ্চলত ঘৰে ঘৰে গৈ মহামাৰী কৰ’নাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ লগতে ডেটল, ছেনিটাইজাৰ, ডেটল পানী, চাবোন আৰু মাস্ক বিতৰণ কৰে। তেওঁলোকে অনাহকত ঘৰৰ পৰা বাহিৰ নোলাবলৈকো আহ্বান জনাই।













