ASSAM TIMES POST
গুৱাহাটী, ২৪ মাৰ্চঃ “মাৰাত্মক কৰ’না ভাইৰাছৰ সৈতে যুজঁ দিবলৈ সম্পূৰ্ণ সাজু ৰাজ্য স্বাস্থ্য বিভাগ। ৰাইজে আমাক সহযোগ কৰক”- এই আহ্বান অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। গুৱাহাটীত আজি এক সংবাদ মেল সম্বোধন কৰি হাজৰিকাই কয় “ভগৱানৰ আৰ্শীবাদত বৰ্তমান সময়লৈকে বিশ্বত্ৰাস কৰ’না অসমত এজনো চিনাক্ত হোৱা নাই”। লগতে মন্ত্ৰী হাজৰিকাই কয়, কৰ’না স্পৃশ্য বেমাৰ নহয়, লুকুৱাই নাৰাখিবলৈ আহ্বান জনায় ৰাইজক।
ৰাজ্য স্বাস্থ্য বিভাগৰ ওচৰত কৰ’না আক্রান্তক স্বাস্থ্য পৰীক্ষাৰ কৰোতে চিকিৎসকসকলে পৰিধান কৰা পাৰ্চনেল প্ৰতেক্তিভ ইকুইপমেণ্ট চমুকৈ পিপিই মজুত আছে। সেইয়া হয়তো সময়ত যথেষ্ট নহ’ব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাই ৰাজ্যৰ স্বাস্থ্য বিভাগক ১০০টা পিপিই যোগান ধৰিছে। সংবাদ মেলতে স্বত্বাধিকাৰী শৰ্মা পৰা মন্ত্ৰী হাজৰিকাই গ্ৰহণ কৰে।
লক ডাউন দিনকেইটাত সকলো ৰাইজক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰিকাৰ।













