ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশজুৰি ২১দিনৰ বাবে লক ডাউন ঘোষণা পিছতে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে সকলো যাত্ৰীবাহী ৰেল গাড়ী চলাচল অহা ১৪এপ্ৰিল লৈ বাতিল কৰিছে।এই কথা এক নিৰ্দেশনাৱলী জৰিয়তে প্ৰকাশ কৰিছে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্য।
উল্লেখ যে পূৰ্বে অহা ৩১মার্চলৈ বন্ধ কৰিছিল সকলো যাত্ৰীবাসী ৰেলগাড়ী চলাচল।মংগলবাৰে পুনৰ দেশজুৰি লক ডাউনৰ ম্যাদ দেশৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰা পিছত তাৎক্ষণিক ভাৱে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে ঘোষণা কৰিছে এই কথা।
গুৰুত্বপূৰ্ণ কথা এই যে যোৱা মংগলবাৰ ৰাতি ১২বজাৰ পৰা অহা ১৪এপ্ৰিললৈ সমগ্ৰ দেশত ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ঘোষণা কৰা হৈছে লক ডাউন।বিশ্বত সংসাৰী ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছে শেহতীয়া ভাৱে দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।তাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে লক ডাউন।













