ASSAM TIMES POST
আছিফ আলি: শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মন্ত্ৰী যোগেন মহন চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ললে ৷ মন্ত্ৰী মহনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ স্বাস্থ্য বিভাগ সাজু বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ সাম্ভাব্য পৰিস্থিতিৰ বাবে শিৱসাগৰ জিলাত ২০০ খন বিচনা সাজু বুলি মন্তব্য মহনৰ জনসাধাৰণক সজাগ আৰু সচেতন হোৱাৰ আহ্বান ৷
চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলি কৰ’নাক প্ৰতিৰোধ কৰাৰ বাবে ৰাইজলৈ অনুৰুধ মন্ত্ৰী মহনৰ বহি:ৰাজ্যত কৰ্মৰত অসমৰ যুৱক স্বগৃহলৈ ঘূৰি অহা বিষয়টো চিন্তনীয় বুলি মন্তব্য মহনৰ ৷ এইক্ষেত্ৰত ঘৰমূৱা যুৱক সকলৰ প্ৰতি তীক্ষ্ন দৃষ্টি ৰাখিবলৈ গাঁওবুঢ়া আৰু প্ৰশাসনক আহ্বান মন্ত্ৰী জনৰ সংবাদ মাধ্যম আৰু সাংবাদিকক কৃতজ্ঞতা মন্ত্ৰীজনৰ ৷

প্ৰশাসন আৰু ৰাইজৰ ওচৰলৈ কৰ’নাৰ ভয়াবহতাৰ সম্পৰ্কত বাৰ্তা লৈ যোৱা সংবাদকৰ্মী সকলৰ পৰাই বহু সময়ত প্ৰথম তথ্য চৰকাৰে লাভ কৰিছে বুলি মন্তব্য মহনৰ ৷ কৰ’নাৰ বিৰুদ্ধে যুঁজখনৰ সৈনিক সাংবাদিক সকলক প্ৰশাসনে যিধৰণে সহযোগিতা কৰিব লাগে কৰিব বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷
উল্লেখ্য যে কৰ’নাৰ বিৰোদ্ধে যুঁজাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তত্বাবধায়ক হিচাপে নিয়োগ কৰা যোগেন মহনে আজি চৰাইদেউ আৰু শিৱসাগৰৰ বহুকেইখন চিকিৎসালয়ত উপস্থিত হৈ পৰ্যবেক্ষন কৰে ৷













