ASSAM TIMES POST
সামগ্ৰীৰ দাম নিৰ্ধাৰিত মূলতকৈ অধিক নলবৰ বাবে ব্যৱসায়ীলৈ আহ্বান বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও : ভয়াৱহ মহামাৰী ৰূপধাৰণ কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কালি মাজ নিশাৰে পৰা সমগ্র দেশ জুৰি ২১ দিনৰ বাবে লকডাউন অব্যাহত থকাৰ সময়তে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগত কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
উক্ত বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ চিকিৎসক সকলৰ লগত জিলাখনৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। ইয়াৰ উপৰি মন্ত্ৰী গৰাকীয়ে চাহ বাগিচা আৰু জিলাখনৰ অন্যান্য এলেকা সমূহলৈ শেহতীয়াকৈ বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট এলেকাৰ স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ।
আনহাতে মন্ত্ৰী গৰাকীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া সকলৰ পৰা জিলাখনত লাগতিয়াল খাদ্য সামগ্ৰী মজুতকৰণৰ স্হিতি সম্পৰ্কত বুজ লয়। বৈঠকত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কৰোনা ভাইৰাছক লৈ সৃষ্টি হোৱা এনে জটিল সময়তো জিলাখনৰ গ্ৰামাঞ্চলৰ কিছু কিছু স্হানত ফুটবল আৰু ক্ৰিকেট খেল চলি থকা বিষয়টো আৰক্ষী বিভাগক দৃষ্টিগোচৰ কৰি তৎক্ষনিক ভাৱে এই খেলসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ।
আজিৰ এই বৈঠকত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে। ইপিনে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰ্ধাৰিত মূলতকৈ গ্ৰাহকৰ পৰা অধিক মূল্য নলবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে ।
অদৃশ্য শত্রু মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি মাজ নিশাৰ পৰা আহ্বান জনোৱা ২১ দিনীয়া লকডাউনৰ সময়ত জৰুৰী সেৱাৰ লগত জড়িত লোকৰ বাহিৰে বাকী সকলো লোককে পৰিয়াল সহ ঘৰৰ পৰা বাহিৰলৈ নোলাৱৰ বাবে বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় । আনহাতে মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে চৰকাৰ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শ সমূহ মানি চলিবলৈকো বিধায়ক গৰাকীয়ে জনসাধাৰণক আহ্বান জনায় ।













