ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত, নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান ক্ৰমে সমগ্ৰ দেশত ১৪ এপ্ৰিল পৰ্যন্ত “লক ডাউন” হৈ থাকিব । এই সময় চোৱাৰ আৰ্থ সামাজিক আৰু আইন শৃংখলাজনীত পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন জিলাত নিৰীক্ষক নিয়োগ কৰিছে।
সেই মৰ্মে কেবিনেট মন্ত্ৰী অতুল বৰাক যোৰহাট আৰু গোলাঘাটৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণৰ দায়িত্ব প্ৰদান কৰিছে। আজি প্ৰথম পৰ্য্যায়ত বোকাখাতৰ আৱৰ্তন ভৱনত কেবিনেট মন্ত্ৰী গৰাকীয়ে বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত আৰক্ষী,স্বাস্থ্য বিভাগ আৰু যোগান বিভাগৰ লগত এক আলোচনাত মিলিত হৈ বোকাখাত মহকুমাৰ পৰিস্থিতিৰ বুজ লয় ।
কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা আগবঢ়োৱা কথা উল্লেখ কৰি, বোকাখাত সমষ্টিৰ ৰাইজক সজাগতা অৱলম্বন কৰি বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনায় আৰু ঘৰতে থাকি নিজৰ লগতে পৰিয়ালৰ জীৱন সুৰক্ষা কৰিবলৈ সকলোকে অনুৰোধ জনায়।













