ASSAM TIMES POST
মৰিগাঁও : কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱা লকডাউনৰ সময়ত লকডাউন ভংগকাৰীসকলৰ বিৰুদ্ধে মৰিগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই। মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিবলৈ আহি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় আমাৰ দেশৰ জনসংখ্যা ঘনত্ব বহু বেছি। যদি আমাৰ মাজত ৰোগটো আৰম্ভ হয় তেতিয়া হ’লে ইয়াক চম্ভালিব পৰাটো বহু কঠিন হৈ পৰিব।
সেয়ে ৰাইজক ইজনে-সিজনৰ মাজত দূৰত্ব বজাই ৰখাৰ লগতে সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই। ইফালে ৰোগীৰ চিকিৎসাৰ বাবে মৰিগাঁও জিলাত ২২০খন বিচনা সাজু কৰি তুলা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৫০ খন, জাগীৰোড কাগজ কলৰ চিকিৎসালয়ত ৫০ খন, দলংঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৪০ খন, ভূৰবন্ধা মডেল চিকিৎসালয়ত ৪০ খন আৰু লাহৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০ খন ৰোগীৰ চিকিৎসাৰ বাবে বিচনা ইতিমধ্যে সাজু কৰি তুলা হৈছে বুলি মন্তব্য কৰে।
মৰিগাঁও চিকিৎসা খণ্ড পৰিচালনা কৰা ক্ষেত্রত ধনৰ যাতে কোনো অভাৱ নহয় তাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যুটীয়া স্বাস্থ্য সঞ্চালকক মুকলি কৰি দিয়া হৈছে। ৰোগীক চিকিৎসা প্ৰদানৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই সমগ্ৰ ৰাজ্যখনত ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ ২০ হাজাৰ বিচনা সাজু কৰি তুলা হৈছে বুলি মন্তব্য কৰে। বহিঃৰাজ্যৰ পৰা অহা যুৱক তথা লোকসকলৰ ক্ষেত্রত ৰাইজক সংবেদনশীল হ’বলৈ আহ্বান জনাই তেওঁ কয়, এইক্ষেত্ৰত ওচৰ-চুবুৰীয়া, পৰিয়াল বা পিতৃ-মাতৃয়ে বহিঃৰাজ্যৰ পৰা অহা সকলক নিৰিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
তেওঁলোকৰ দেহত সংক্ৰমণৰ লক্ষণে দেখা দিয়ে ততাতয়াকৈ স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়াই। জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী আদি কৰি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে চিকিৎসালয়খন পৰিদৰ্শণৰ সময়ত মন্ত্ৰীজনক সংগ দিয়ে।
ইফালে, মৰিগাঁও নগৰখনক বিজাণু মুক্ত কৰি তুলিবলৈ আজি জিলা উপায়ুক্ত ঋতুৰাজ বৰাই গ্ৰহণ কৰে এক বিশেষ পদক্ষেপ। জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আৰু অগ্নিনিৰ্বাপন বিভাগৰ সহযোগত আজি নগৰখনৰ মূল মূল পথসমুহত ছেনিটাইজাৰে স্প্ৰে কৰি বিজাণু মুক্ত কৰিবলৈ প্ৰয়াস কৰে।













