ASSAM TIMES POST
নগাঁও : সমগ্ৰ বিশ্বব্যাপী ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কালি নিশাৰে পৰা আৰম্ভ হোৱা লকডাউনৰ ফলত আজি পুৱাৰ পৰাই নগাঁও চহৰকে ধৰি জিলাখনৰ প্ৰতিখন নগৰৰ ৰাজপথ আৰু গাঁৱৰ পথো জন শূণ্য হৈ পৰা দেখা গৈছে।
জিলাখনৰ অধিকাংশ লোকেই লকডাউনৰ পৰিপ্ৰেক্ষিতত ঘৰৰ ভিতৰতে নিজকে আৱদ্ধ কৰি ৰখাৰ বিপৰীতে একাংশ অবিবেচকী কাণ্ডজ্ঞানহীন লোকে লকডাউনৰ সময়তো তলৌ তলৌকৈ ঘূৰি ফুৰা পৰিলক্ষিত হয়।এই লোকসকলকলৈ খুৱেই অশ্বস্তিত পৰে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী।জিলা প্ৰশাসন আৰু আৰক্ষীৰ বাৰম্বাৰ আহ্বান/নিৰ্দেশকো উপেক্ষা কৰি বিভিন্ন অজুহাত দেখুৱাই ৰাজপথত ঘূৰি ফুৰা এইসকল লোকক ঘৰলৈ ওভটাই পঠাবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিব লগীয়া হয়।
জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বিদ্যুৎ বিভাগকে ধৰি অত্যাৱশ্যকীয় সেৱা সমূহৰ যান বাহনৰ লগতে সাংবাদিক সকলৰ যান বাহনৰ বাহিৰে সকলোধণৰ যান বাহনৰ চলাচল আজি বন্ধ থাকে। নগাঁও চহৰৰ বৰবজাৰ, ধিংগেটকে ধৰি চহৰখনৰ কেইবাঠাইৰ লগতে জিলাখনৰ কুঁৱৰীটোল, জখলাবন্ধা, চামগুৰি, বাজিয়াগাঁৱকে ধৰি বিভিন্ন স্থানত ৰাজপথলৈ ওলাই অহা লোকক আৰক্ষীয়ে মাৰপিট কৰি খেদি পঠিয়াবলৈ বাধ্য হয়।
লকডাউনৰ সময়ত কোষাগাৰ, গেলামালৰ দোকান খোলা থাকে যদিও কৰ্মচাৰী আৰু গ্ৰাহকৰ সমাগম পৰিলক্ষিত হোৱা নাছিল। ইপিনে, ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে অগ্নি নিৰ্বাপক বাহিনীয়ে নগাঁও চহৰৰ ৰাজপথকে ধৰি জিলাখনৰ মূল মূল পথ সমূহত ছেনিটাৰাইজ যুক্ত পানীৰে তিয়াই দিয়া পৰিলক্ষিত হয়। নগাঁও পৌৰ সভাই চহৰখনৰ বিভিন্ন স্থানত চাফাই কৰা পৰিলক্ষিত হয়। ইপিনে, নগাঁও জিলা প্ৰশাসনে সকলো নাগৰিককে লকডাউনৰ সময়ত মানিব লগীয়া সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহবান জনায়।
ল’কডাউনৰ সময়ত জিলাখনৰ নগাঁও চহৰ, কামপুৰ, কঠিয়াতলী, দক্ষিণপাট, ৰহা, চাপৰমূখ , হাতীচোং, জাজৰি, ধিং, বটদ্ৰৱা, জুৰীয়া, আমবাগান, চামগুৰি, পুৰণিগুদাম, বঢ়মপূৰ, চাপানালা, কলিয়াবৰ, বেবেজীয়াকে ধৰি সকলোবোৰ অঞ্চলতে জন শূন্য পৰিলক্ষিত হয়। ইয়াৰ মাজতে নগাঁও চহৰকে ধৰি জিলাখনৰ কেতবোৰ অঞ্চলত আজি একাংশ যুৱকে বিভিন্ন প্ৰকাৰে উদ্ধতালিৰে ক্ৰিকেট, ফুটবল খেলা, আড্ডা মৰা, গ্ৰাম্যাঞ্চলতো বজাৰত ভিৰ কৰা আদি পৰিলক্ষিত হয়।













