ASSAM TIMES POST
বােকাখাত : গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ অন্তৰ্গত বৃহত্তৰ কমাৰগাঁও আঞ্চলৰ অন্যতম বে-চৰকাৰী শিক্ষানুষ্ঠান বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতন শিক্ষানুষ্ঠানখনে ৫০০ গৰাকী শিক্ষার্থীক ব্যতিক্ৰমী শিক্ষাদান কৰি আহি সচেতন মহলৰ লগতে অভিভাৱক সকলৰ পৰা ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’ণা ভাইৰাছন পৰা পৰিত্ৰাণ পাবলৈ যোৱা ১৬ মাৰ্চৰ পৰা ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰাত আৰু কালিৰ পৰা কেন্দ্ৰীয় চৰকাৰে লক-ডাউন ঘোষণা কৰাত শিাক্ষার্থী সকলে পাঠদানৰ পৰা বঞ্চিত হৈ ঘৰতে থাকিব লগা হৈছে। কিন্তু শিক্ষার্থী সকলে শিক্ষা গ্ৰহণৰ পৰা যাতে বিৰত থাকিব নগা নহয় তাৰবাবে বনগাঁও শিশু বিদ্যা নিকেতনৰ প্রধানাচার্য গোবিন্দ চন্দ্ৰ গগৈয়ে ব্যতিক্রমী চিন্তাৰে ৱাটচ এপৰ যোগেদি শিক্ষাদান অব্যাহত ৰাখিছে।
উল্লেখ্য যে শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ ভ্ৰাম্যভাষ নম্বৰ সমূহ লৈ ৱাটচ্ এপ খুলি আচাৰ্য আৰু আচাৰ্যাসকলে ঘৰতে ভিডিঅ’ প্ৰস্তুত কৰি পাঠদান চলাই আছে যাতে শিক্ষাৰ্থী সকলে পাঠদানৰ পৰা বঞ্চিত হৈ থাকিব লগা নহয়।
ইফালে শিক্ষাৰ্থী সকলে বুজাত অসুবিধা হলে প্ৰশ্ন কৰাৰ সুবিধাও উপলব্ধ কৰিছে প্ৰধান আচাৰ্য গোবিন্দ ৰঞ্জন গগৈয়ে।বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচার্য-আচাৰ্যা প্রবাল বৰুৱা, নিলোৎপল গগৈ, কুমুদ গগৈ, গীতাঞ্জলি বৰা, লুকুমনি শইকীয়া, অৰ্পনা বৰপূজাৰী, সংগীতা কানু, ৰজিন কোঁৱৰ, শুভনী বৰা, বুমণি শইকীয়া, ৰিম্পি গগৈ, ৰুণজুণ গগৈ, ৰুমী গগৈ, টুইংকল বৰা আৰু চুমী ফুকনে শিক্ষার্থী সকলক সকলো সময়তে ৱাটচ এপ যোগে শিক্ষাদান কৰি আছে।
ইফাল এগৰাকী শিক্ষাৰ্থীৰ লগতে যোগাযোগ কৰোতে এই প্ৰতিবেদকক কয় যে এই পদক্ষেপে তেওঁলোকক যথেষ্ট উপকৃত কৰিছে আৰু বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকাৰ দৰেই অনুভৱ হৈছে।













