ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবৰ বাবে কালি নিশাৰ পৰা চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ সময়চোৱাত বেচৰকাৰী খণ্ড তথা অসংগঠিত খণ্ডৰ শ্ৰমিক সকল বা তেওঁলোকৰ পৰিয়ালৰ বাবে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগানৰ দাবী জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্তই।
এই সম্পৰ্কত মহন্তই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰে।পত্ৰখনত তেওঁ উল্লেখ কৰা মতে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা লকডাউন কাৰ্যসূচীৰ বিকল্প নাছিল।সেয়ে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ লগতে চহৰীয়া গ্ৰামীণ সমাজৰ বেচৰকাৰী খণ্ডৰ তথা অসংগঠিত দিন মজদুৰ আৰু কৃষি শ্ৰমিক,স্ব নিয়োজিত সকল ,গৃহকৰ্মী ,পদপথৰ বিক্ৰেতা ,তৃতীয় লিংগৰ নাগৰিক ,চাহ শ্ৰমিক ,ঠিকা আৰু অস্থায়ী শ্ৰমিক সকলো গৃহবন্দীহৈ থাকিব লাগিব।
তেওঁলোক কৰ্মক্ষেত্ৰলৈ যাব নোৱাৰিব। এনে পৰিস্থিতিয়ে দীৰ্ঘস্থায়ী ৰূপ ললে নিশ্চিতভাবে অনাহাৰ আৰু পুষ্টিহীনতাৰ কবলত পৰি সমাজৰ এই শ্ৰমজীৱি লোকসকল তীব্ৰ সংকটৰ মুখামুখি হব।এনে উদ্বেগজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম গ্ৰামীণ শ্ৰমিক সন্থাই লকডাউনৰ সময়ত শ্ৰমিক সকলৰ দৰমহা আৰু দৈনিক মজুৰি প্ৰদানৰ উদ্দেশ্যে উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়।
শ্ৰমজীৱি ৰাইজৰ বাবে বিনামূলীয়া চাউল,আটা দাইল,নিমখ,মিঠাতেল আদিৰ যোগান , মাইক্ৰফাইনেন্স কোম্পানীৰ ঋণৰ বোজাত ভাৰাক্ৰান্ত সকলৰ বাবে আৰ্থিক পেকেজ ঘোষণা, বৃদ্ধ আৰু বিধৱা পেঞ্চন তিনি হাজাৰ টকালৈ বৃদ্ধি ,চাহ শ্ৰমিকৰ মজুৰি আৰু ৰেচনসহ চুটি ঘোষণা আদি দাবী জনায় শ্ৰমিক সংগঠনটোৱে।













