ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰোনা ভাইৰাছে সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে লকডাউন কৰা হৈছে সমগ্ৰ দেশ। যোৱা মঙলবাৰৰ পৰা আৰম্ভ হোৱা ২১দিনীয়া লকডাউনত দেশৰ লগতে স্তব্ধ সমগ্ৰ অসম। মহামাৰী কৰ’না আতংকত প্ৰত্যেকে নিজক সুৰক্ষিত কৰি ৰখাৰ বাবে অৱস্থান কৰিছে ঘৰত। তেনে সময়ত জৰুৰীকালীন সেৱাত অন্তৰ্ভুক্ত হোৱা বাবে চাফাই কর্মীসকলে পালন কৰিবলগা হৈছে নিজৰ কৰ্তব্য। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে, নিজৰ জীৱনক তুচ্ছ কৰি একমাত্ৰ কৰ্তব্য পালনৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন জিলাৰ পৌৰসভাত কৰ্মৰত চাফাই কর্মীসকলক মহামাৰী কৰ’নাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে লোৱা নাই কোনো বিশেষ পদক্ষেপ ।
এই অভিযোগ সদৌ অসম হৰিজন মজদূৰ ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বাছফৰৰ। তেওঁ কয়, “ৰাজ্যৰ চাফাই কর্মীসকলে কৰ’নাৰ ভয়-আতংকৰ মাজত পালন কৰিব লগা হৈছে নিজৰ দায়িত্ব। নিজৰ জীৱনক তুচ্ছ কৰি কৰ্তব্যৰ স্বাৰ্থত ওলাই অহা অধিকাংশ চাফাই কর্মীকে চৰকাৰে যোগান ধৰা নাই কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা মাস্ক, হাত-মোজা, হেণ্ড ছেনিটাইজাৰ”।
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে হৰিজন মজদূৰ ইউনিয়নত অন্তৰ্ভুক্ত প্ৰায় ৪০ হাজাৰ চাফাই কর্মী আছে যিসকলে জড়িত হৈ আছে নিজৰ কৰ্তব্যত, সম্পাদক বাছফৰে কয়।
আনহাতে, গুৱাহাটীৰ পৌৰ নিগমত কৰ্মৰত ১৩শ চাফাই কর্মীক দুই-এদিনৰ ভিতৰতে কৰ’নাৰ প্ৰতিৰোধৰ বাবে নিগমে মাস্ক, হেণ্ড ছেনিটাইজাৰ আৰু হাত-মোজা আদি প্ৰদান কৰিব বুলি জনোৱা বুলি সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে। লগতে তেওঁ কয় বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ সৈতে চাফাই কর্মীসকলৰ সুৰক্ষা সন্দৰ্ভত ইউনিয়নৰ এক বৈঠক হৈছিল। উক্ত বৈঠকতে চাফাই কর্মীসকলৰ সুৰক্ষাৰ দাবী উত্থাপিত হোৱাত নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকাই সমাধান কৰা আশ্বাস প্ৰদান কৰে।
উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত নিগমৰ চাফাই কর্মীসকল অহা যোৱা কৰাৰ বাবে পাঁচখন বাছৰ ব্যৱস্থা কৰাৰ কথাও জানিবলৈ দিয়ে বাছফৰে।
বৈঠকত উপস্থিত থাকে যুটীয়া আয়ুক্ত পুলক মহন্ত, অতিৰিক্ত আয়ুক্ত দ্বিজেন সিং প্ৰমুখ্যে সদৌ অসম হৰিজন মজদূৰ ইউনিয়নৰ উপ-সভাপতি জয়ন্ত কলিতা।













