ASSAM TIMES POST
নলবাৰী : নলবাৰীত লকডাউনৰ সম্পূৰ্ণ প্ৰভাৱ; ছেনিটাইজ কৰা হৈছে চহৰৰ বাট-পথ ৷ লকডাউনৰ প্ৰথম দিনা আজি নলবাৰীৰ চহৰ ৰাজপথ সম্পূৰ্ণ জনশূন্য হৈ পৰে। জৰুৰীকালীন সেৱাসমূহৰ বাদে কোনো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদি সম্পূৰ্ণ বন্ধ থাকে। নলবাৰী চহৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে তহল দিয়া দেখা যায় ।
আনহাতে, লকডাউনৰ সময়ত নলবাৰী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বহুটো গুৰুত্বপূৰ্ণ পদক্ষেপ। জনশূন্য ৰাজপথৰ লগতে বজাৰত ছেনিটাইজিং কৰি বিজাণুমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। নলবাৰীৰ জিলা প্ৰশাসনে গঠন কৰি দিয়া টাস্ক ফ’ৰ্ছে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত চহৰখনৰ অপৰিষ্কাৰ ঠাইসমূহত ছেনিটাইজাৰ ছটিওৱা দেখা গৈছে।
এই পদক্ষেপ অনাগত দিনত আন আন ঠাইসমূহতো কৰা হ’ব বুলি জানিবলৈ দিয়ে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে৷ ইফালে জিলা উপায়ুক্তগৰাকীয়ে অসামৰিক চিকিৎসালয়লৈ গৈ কৰ’না ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ লগতে সকলো চিকিৎসা কৰ্মীক সস্তম হৈ থাকিবলৈ আহ্বান জনায়।













