ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলঙ : বিশ্ব কপোৱা কৰ’ণা ভাইৰাচৰ পৰা ৰক্ষা পৰিবলৈ পৰ্বত্য জিলা পশ্চিম কাৰ্বিআংলঙৰ জনসাধাৰনেও যুঁজ দিবলৈ এৰা নাই । চৰকাৰৰ ল’ক ডাউন আখৰে আখৰে পালন কৰি সকলোয়ে ঘৰেই সোমাই পৰিছে । চৌদিশ কেৱল জনশূন্য ।
আনহাতে আজি বিয়লি জিলা খনৰ বৈঠালাংছ’ পৌৰ সভাৰ নেতৃত্বত বৈঠালাংছ’ টাউন এলেকাৰ ৰাস্তা,দোকান ,প্ৰেট্ৰ’ল পাম্প,বাছ ষ্টেণ্ড আদিত চেনিটাইজিং প্ৰয়োগ কৰে ।উল্লেখযোগ্য যে বিশ্ববাসীক সংকিত কৰি তুলা ভয়াবহ কৰ’ণা ভাইৰাছক প্ৰতিৰোধ দিবলৈ প্ৰশাসনে এনে পদক্ষেপ গ্ৰহণ কৰে বুলি মত পোষণ কৰে পৌৰসভাৰ বিষয় ববীয়ায়ে ।













