ASSAM TIMES POST
লক ডাউনৰ প্ৰথম দিনা আজি শিৱসাগৰ চহৰ ৰাজপথ সম্পূৰ্ণ জনশূন্য
আছিফ আলি:
কৰ’নাভাইৰাছ ৰোধৰ চেষ্টাত ব্ৰতী হৈছে সমগ্ৰ দেশ।ব্যক্তি চেনিটাইজিংৰ পাছত এইবাৰ ৰাজহুৱা স্থান চেনিটাইজ কৰাৰ অভিযান। আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাজহুৱা স্থান পৰিষ্কৰণৰ অভিযান আৰম্ভ কৰিছে।শিৱসাগৰ ৰাজহচক্ৰ এলেকাত এনে পৰিষ্কৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে জিলা উপায়ুক্তই বিভিন্ন টাস্কফৰ্চ গঠন কৰি দিছে।

বিভিন্ন বিভাগৰ দ্বাৰ গঠিত এনে টাস্কফৰ্চ সমূহে পৰিষ্কৰণ কাৰ্যসূচী ৰূপায়ণৰ লগতে বিজানুনাশক ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱসাগৰ জিলা উপায়ুক্তৰ নেতৃত্বত ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিনিৰ্বাপক বাহন লৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ সংমিশ্ৰিত পানীৰে শিৱসাগৰ নগৰৰ বজাৰ-হাট পৰিষ্কাৰ কৰে।
নগৰৰ কেন্দ্ৰীয় বজাৰ বাহিনীৰ এক দলে বিজানুনাশক ৰাসায়নিক পদাৰ্থ মিহলি পানীৰে ধোৱাৰ লগতে পদপথ আদিও পৰিষ্কাৰ কৰে। পৰৱৰ্তী পৰ্যায়ত অগ্নিনিৰ্বাপক বিহিনীয়ে আন আন ৰাজহুৱা স্থান সমূহ পৰিষ্কাৰ কৰি বিজানু নিৰ্মূলৰ অভিযান হাতত লব। আনহাতে লক ডাউনৰ প্ৰথম দিনা আজি শিৱসাগৰ চহৰ ৰাজপথ সম্পূৰ্ণ জনশূন্য হোৱা দেখা যায়।













