ASSAM TIMES POST
ছাইদুল ইছলাম,ডিফু
দেশৰ চৰকাৰ প্ৰশাসন আৰু জনসাধাৰণ ভয়াবহ কৰ’না ভাইৰাছৰ বিৰুদ্ধে অবিৰাম যুঁজি থকাৰ সময়তে আজি কাৰবি আংলং- নগাওঁ সীমান্তঞ্চলত দূৰ্বৃত্তৰ গুলীচালনাত এজনলোক নিহত আৰু আনজন আহত হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

নগাওঁ কাৰ্বি আংলং সীমান্তৱৰ্তী কাৰ্বিআংলঙৰ আঞ্জুকপানী থানা এলেকাৰ নেপালীজুৰিত অচিনাক্ত দৃৰ্বৃত্তৰ দ্বাৰা গুলিৱিদ্ধ হয় দুজন লোক । গুলীবিদ্ধ গৌতম কৰ্মকাৰৰ ঘটনাস্থলিতে মৃত্যু হয় ।গুলিৱিদ্ধ আনজন বিকি দ’ৰাক চিকিৎস্যাৰ বাবে নগাৱঁৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎস্যালয়লৈ প্ৰেৰণ কৰা হয় ।
পাহাৰত বাঁহ কাটিবলৈ যোৱা অৱস্থাতে দূৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় দুজন। গুলিৱিদ্ধ দুজনৰ আন দুজন সংগীৰ সন্ধান কৰিছে আৰক্ষীয়ে ৷













