ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ক’ভিড-১৯ত আক্রান্ত ৰোগীক চিকিৎসাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে সাজু কৰিছে ১৫০খন বিছনা। বুধবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে চিকিৎসালয়খন। চিকিৎসালয়খন পৰিদৰ্শন কৰি মন্ত্ৰী শৰ্মাই বুজ লয় সকলো প্ৰস্তুতি অগ্ৰগতি।
বিশ্বত সংসাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছে শেহতীয়াভাৱে দেশতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য জনতাৰ সুৰক্ষাৰ বাবে ৰাজ্য স্বাস্থ্য বিভাগ সাজু হৈছে কৰ’না ভাইৰাছৰ সৈতে যুজঁ দিবলৈ।
গুৰুত্বপূৰ্ণ কথা এইয়ে বৰ্তমান সময়লৈকে ৰাজ্যত কোনো ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱা নাই যদিও আক্রান্ত ধৰা পৰিলে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ সাজু হৈছে স্বাস্থ্য বিভাগ।













