ASSAM TIMES POST
বোকজনৰ সমষ্টিৰ বিধায়ক ডা: নোমল মমিনে কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধ কৰা বাবে নিজৰ সমষ্টিৰ পুলিচ-প্ৰশাসন, চিকিৎসা আৰু যোগান বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হয় এক জৰুৰীকালীন বৈঠকত। বৈঠকত বিধায়ক মমিনে সমষ্টি পৰিস্থিতি বুজ লোৱা লগতে আৰু অত্যৱশ্যকীয়া সামগ্ৰী সকলো ধৰণৰ যোগান অব্যাহত ৰখাৰ বাবে তৎপৰতাৰে কাম কৰিবলৈ আহ্বান জনায়।
উল্লেখ যে, কৰ’না পৰা ৰাইজক সুৰক্ষাৰ কৰি ৰখাৰ লগতে সংক্ৰমণ ৰোধ কৰাত কেনেদৰে যুজঁ দিব লাগিব সেই সন্দৰ্ভত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকৰ পিছতে বিধায়কগৰাকীয়ে সমষ্টিৰ প্ৰতিখন চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়ৰ পৰিস্থিতি বুজ লয়।
কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব বুলি উল্লেখ কৰে বিধায়ক মমিনে। একেদৰে বাহিৰৰ পৰা অহা প্ৰতিজন ব্যক্তিক নিজ ঘৰতে আছুটিয়াকৈ ৰখা ব্যৱস্থা কৰিব লাগিব। কোনোৱে যদি এইকথা অমান্য কৰে তেন্তে আইনৰ ব্যৱস্থা গ্ৰহণ কৰি হ’লেও বাধ্য কৰিব লাগিব বুলি মমিনে কয়।
আনহাতে, সমষ্টিবাসী ৰাইজৰ সুৰক্ষা কথা চিন্তা কৰি সুলভ মূল্য চাউলসমূহ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। ইফালে, যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে সেইসকলক ৰখা বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰিবলৈ নির্দেশ প্ৰদান কৰিছে বিধায়কগৰাকীয়ে।
ইয়াৰ উপৰিও ৰন্ধন গেছৰ যোগান এই সময়ছোৱাত যাতে সমষ্টিবাসী ৰাইজে ঘৰে ঘৰে লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ এজেঞ্চিসমূহক নির্দেশ প্ৰদান কৰিছে বিধায়ক মমিনে।













