ASSAM TIMES POST
কলিয়াবৰঃ কলিয়াবৰত এতিয়া লকডাউনৰ প্ৰভাৱ সম্পূৰ্ণ ৰূপে দেখাপোৱা গৈছে। ইতিমধ্যে কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে মহকুমা প্ৰশাসনে ৰাজহুৱা স্থান, ৰাজপথত ছেনিটাইজাৰ কৰে।
কলিয়াবৰৰ বিভিন্ন অঞ্চল বিশেষকৈ কলিয়াবৰ মহকুমা কাৰ্যালয়, কুঁৱৰীটোল হস্পিতাল, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমা আৰক্ষী বিষয়া কাৰ্যালয়, কলিয়াবৰ থানা, জখলাবন্ধা বজাৰ, এটিয়েমসমূহ, জখলাবন্ধা হস্পিতাল, নলতলি, মিছা আদিকে ধৰি ৰাজপথসমূহত টাষ্ক ফ’ৰ্চে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত অপৰিষ্কাৰ ঠাইসমূহত ছেনিটাইজাৰ কৰি বিজাণুমুক্ত কৰা ব্যৱস্থা কৰা হয় অৰু অনাগত সময়ত বিভিন্ন স্থানত ছেনিটাইজাৰৰ কৰা হ’ব বুলি কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগে জানিব দিয়ে।
আগন্তুক এমাহৰ বাবে খাদ্য সামগ্ৰী নাটনি নহয় যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ প্ৰশাসন সস্ত্ৰম হৈ আছে বুলি এই প্ৰতিবেদকৰ আগত অৱগত কৰে। ইফালে জৰুৰীকালীন সেৱাসমূহৰ বাদে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্য্যালয় আদি সম্পূৰ্ণ বন্ধ থাকে। মহকুমাটোত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে তহল দিয়া দেখা যায়।













