ASSAM TIMES POST
ডিফু : কৰ’না ভাইৰাছৰ ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি আহ্বান জনোৱা ২১ দিনীয়া লকডাউনৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আজি সামগ্ৰিক ছেনিটাইজেছন কাৰ্যকৰী কৰা হয় ৷ জিলা প্ৰশাসন, ডিফু পৌৰসভা আৰু গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ উদ্যোগত আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত আজি এই ছেনিটাইজেছন কৰা হয় ৷
অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনেৰে ডিফু চহৰৰ মাছ, মাংসৰ বজাৰ, পাৱাৰ হাউছ বজাৰ মূল বাট-পথ অনান্য ব্যৱসায়িক প্ৰতিষ্ঠান আদিত ছেনিটাইজেছন কৰা পৰিলক্ষিত হয় ৷ ছেনিটাইজেছন কাৰ্যসূচীত উপস্থিত থকা ডিফু পৌৰসভাৰ অধ্যক্ষ আৰু গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি ক্ৰমে ৰাহ ক্ৰ’ আৰু টিংক্ৰেং ৰংপিয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপত জনসাধাৰণক কৰ’না ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কৰ’নাৰ সজাগতাৰ বাবে আজিৰ পৰা চহৰখনত ছেনিটাইজেছন কৰা হ’ব বুলি কয় ৷

আনহাতে, তিনি পাৰ্বত্য জিলাৰ সাংসদ হৰেণছিং বে’ই চহৰখনৰ ছেনিটাইজেছনৰ বাবে আৰক্ষীৰ হাতত ২০ লিটাৰ ফেনাইল অৰ্পণ কৰে ৷ ইপিনে, আজি জিলা দণ্ডাধীশে এক নিৰ্দেশনা যোগে আজি পুৱা ৮ বজাৰপৰা সন্ধিয়া ৫ বজালৈ জিলাখনত পাচলিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ চৰ্ত সাপেক্ষে খোলা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ চৰ্তসমূহ ক্ৰমে, দোকানৰ গ্ৰাহকসকলৰ মাজত ১ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব ৷
দোকানৰসন্মূখত গ্ৰাহকৰ ভিৰ বেছি হ’ব নালাগে, ন্যুনতম দোকানৰ ষ্টাফলৈ দোকান চলাব লাগিব, পুৱা ৮ বজাৰ পৰা ৫ বজালৈ এই অত্যাশ্যকীয় সামগ্ৰী আৰু পাচলি দোকানসমূহ খোলা ৰাখিব পাৰিব ৷ নিৰ্দেশনা উলংঘা কৰিলে উচিত আইনৰ ধাৰাত শাস্তি বিহা হ’ব ৷













