ASSAM TIMES POST
বাহাৰঘাটঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰগাছা গাঁৱত বুধবাৰে নিশা উত্তৰ প্ৰদেশত অধ্যয়নৰত এজন যুৱকক ৰাইজ তথা স্বাস্থ্য বিভাগৰ দ্বাৰা সোধপোছৰ অন্তত গৃহতে আৱদ্ধ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে৷ উল্লেখযোগ্য যে, গাওঁখনৰ মোৰতজা আলীৰ পুত্ৰ চাইদুৰ ৰহমানে (২৩) বৰ্তমানে উত্তৰ প্ৰদেশত মৌলনা অধ্যয়ন কৰি আছিল ৷
বৰ্তমান সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টিকাৰী কৰ’না ভাইৰাছৰ বাবে লকডাউন দিয়াত চাইদুল যোৱা ২০ মাৰ্চত ৰে’ল যোগে ৰঙিয়ালৈ আহে৷ ৰঙিয়া জংচনত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ আহিব দিয়ে৷ ইয়াৰ পিছতে চাইদুলে সেইদিনাই নিজৰে অন্য এটা ঘৰ কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত কোৱৰপূৰলৈ যায় ৷
জানিব পৰা মতে উক্ত ঠাইত চাইদুলে স্বাস্থ্য পৰীক্ষাৰ পৰা বিৰত থাকি বুধবাৰে দিনৰ ভাগত বৰগাছাৰ গৃহলৈ আহে৷ তাতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আশাকৰ্মী, গাওঁবুঢ়া আৰু ঘগ্ৰাপাৰ ব্লক পিএইচচিক অৱগত কৰে৷ আশাকৰ্মী আৰু গাওঁবুঢ়াৰ খবৰৰ ভিত্তিত কালি নিশাই সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা° হেমেন কুমাৰ শৰ্মাৰ নেতৃত্বত এম পি ডাব্লিউ বিজু বৰ্মন, পংকজ শৰ্মা, পৰাগজ্যোতি ভূঞা, বি এইচ ডাব্লিউ দিলীপ ভড়ালীসহ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ গাওঁবুঢ়া শচীন্দ্ৰ হুজুৰী আশাকৰ্মী আৰু সাংবাদিক নৰেন শৰ্মাৰ উপস্থিতিত তেওঁক ১৩ দিনৰ বাবে নিজ গৃহত আৱদ্ধ হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াই৷













