ASSAM TIMES POST
গুৱাহাটীঃ বিশ্বত্ৰাস মহমাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ, সজাগতা ব্যৱস্থাৱলী গ্ৰহণত সুবিধা হোৱা কৈ ৰাজ্য চৰকাৰৰ তহবিললৈ ১ কোটি ৫০ লাখ টকা পুঁজি আগবঢ়াব এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে।
এক বিজ্ঞপ্তি জৰিয়তে সাংসদ আজমলে কয় “কৰ’নাই সম্প্ৰতি বিশ্বত যি ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰেও যাৱতীয় চিকিৎসা সেৱা ব্যৱস্থা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি আছে৷ এই মহামাৰীত যাতে অসমৰ ৰাইজে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ পুঁজিৰ পৰা ১ কোটি ৫০ লাখ টকা ৰাজ্য চৰকাৰৰ ৰাজকোষলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছোঁ”।
লগতে তেওঁ কয়, দেশৰ প্ৰধানমন্ত্ৰী মোডী আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনৰ নিয়মাৱলীসমূহ ৰাইজে মানি চলি কৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰক সহায় কৰক।
উল্লেখ যে, বিশ্বত সন্ত্ৰাস ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছত বৰ্তমানলৈ অসমত কোনো ব্যক্তি আক্রান্ত হোৱা নাই।













