ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে বন্ধ হৈ থকা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ প্ৰজনন কেন্দ্ৰত বুধবাৰে নিশা জন্ম হয় এটি মতা সোণালী বান্দৰৰ পোৱালিৰ। উল্লেখ যে সোণালী বান্দৰ প্ৰজাতিতো বৰ্তমান সময়ত প্ৰায় দুষ্পাপ্য হৈ আহিছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি বনবিভাগে যোৱা কেইবছৰমান ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল যদিও বিশেষ সফল হোৱা নাছিল।
যোৱা বছৰ এটি মাইকী পোৱালি আৰু এইবাৰ এটি মতা সোণালী বান্দৰৰ পোৱালি জন্মৰে বিপদাপন্ন প্ৰজাতিটোৰ বংশবৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা । এই কথা জানিবলৈ দিছে চিৰিয়াখানাৰ ডি.এফ.অ. তেজস মৰিস্বামী আৰু ৰেঞ্জাৰ ৰবীন বৈশ্যই।













