ASSAM TIMES POST
গুৱাহাটী : কৃষক মুক্তি সংগ্রাম সমিতি উপদেষ্টা অখিল গগৈ বিৰুদ্ধে পানবজাৰ থানাত ৰুজু হোৱা ০০০১/২০২০ নম্বৰৰ ক্ৰাইম বাঞ্চৰ গোচৰত জামিন মঞ্জুৰ।বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে অভিযুক্ত গগৈৰ জামিন মঞ্জুৰ কৰে।
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত হিংসাত্মক ঘটনাত জড়িত থকা অভিযোগ তুলি ১৫ফেব্ৰুৱাৰীত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত পানবজাৰ থানাৰ ক্ৰাইম বাঞ্চে গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিছিল গগৈসহ অন্য দুই সতীৰ্থক।উক্ত দিনা আদালতে ক্ৰাইম ব্ৰান্সৰ জিম্মাত নিদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অভিযুক্তক গগৈসহ দুই সতীৰ্থক। উল্লেখ যে অভিযুক্ত গগৈ হৈ উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা শান্তনু বৰঠাকুৰ আৰু পল্লবী বৰাই।
গুৰুত্বপূৰ্ণ কথা ই যে আজি এই গোচৰত গগৈয়ে জামিন লাভ কৰিলেও মুকলি আকাশৰ তলতলৈ ওলাই অহাৰ পথ এতিয়াও প্ৰশস্ত হোৱা নাই।কাৰণ ইতিমধ্যে শিৱসাগৰ কাৰাগাৰত দেশদ্ৰোহৰ অভিযোগত কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। ইফালে আদালতে গগৈ দুই সতীৰ্থ ধৈৰ্য কোঁৱৰ আৰু বিতু সোনোৱালৰ আজি জামিন মঞ্জুৰ নকৰে।বৰ্তমান দুয়োগৰাকী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।













