ASSAM TIMES POST
বোকাখাত : দেশৰ প্ৰধান মন্ত্ৰীৰ ভাৰতবাসীৰ জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত জনোৱা আহ্বানৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ ফলত জনশূণ্য হৈ পৰিছে বোকাখাত নগৰ। যদিও দুই এক স্থানত অ-সজাগ কিছু লোকে লক-ডাউনৰ নিয়ম উলংঘা কৰিবলৈ চেষ্টা কৰিছিল, বোকাখাত আৰক্ষী প্ৰশাসনৰ দ্বাৰা পৰিস্থিতি প্ৰতিহত কৰা পৰিলক্ষিত হৈছে।
ইফালে অত্যাৱশকীয় গেলামালৰ তালিকাভুক্ত কৰিছে যদিও আজি প্ৰায়বোৰ দোকানৰ সামগ্ৰী উদং হৈ পৰিছে। একাংশ ব্যৱসায়ীয়ে বোকাখাতৰ বাহিৰৰ পৰা অত্যাৱশকীয় সামগ্ৰী আনিবৰ বাবে যাবতীয় নীতি সম্পৰ্কে এই পৰ্যন্ত মহকুমা প্ৰশাসনে দিয়া তথ্যৰ বিষয়ে নজনাৰ বাবে অসুবিধাত পৰিছে।
তাৰ মাজতো বোকাখাতৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক নিজৰ দোকানত যিকোনো সময়ত দুশ কুইণ্টল চাউল, এশ কুইণ্টল মচুৰ দাইল, ৫০ কুইণ্টল নিমখ, ২০ কুইণ্টল পিঁয়াজ মজুত ৰাখিবলৈ বি এচ ১২/২০১৫/ পি টি ১/৭১ নং পত্ৰ যোগে মহকুমা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। ইফালে আজিৰ তাৰিখত বোকাখাতৰ বজাৰত আইজোং চাউল ৩৩ টকা, ওখ চাউল ৩০ টকা, চিৰা ৩৪ টকা, তিনিবিধৰ মচুৰ দাইল ক্ৰমে ৮৮, ৭২ আৰু ৬৬ টকা, ৰহৰ ৮৮ টকা, মগু দাইল ১১৪ টকা, ময়দা ৩১ টকা, চেনী ৪০ টকা, আটা ৩০ টকা, পিয়াঁজ ২৬ টকা দৰত বিক্ৰী হৈ আছে।
এই দাম গ্ৰহণযোগ্য। যদিহে ইয়াতকৈও অধিক দৰত কোনো ব্যৱসায়ীয়ে বিক্ৰী কৰে তেন্তে গ্ৰাহকে মহকুমা যোগান বিভাগক জনাব পাৰিব। অৱশ্যে আজিৰ বজাৰত আলু সামান্য পৰিমাণেহে আছে যদিও কাইলৈৰ ভিতৰত এই জোৰা মাৰিব পৰা হ’ব বুলি ধাৰণা কৰা গৈছে।













