ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে চৰকাৰে সমগ্ৰ দেশজুৰি জাৰি কৰা ২১ দিনীয়া লকডাউনৰ আজি দ্বিতীয় দিনটোত খাদ্য সামগ্ৰী আৰু শাক-পাচলি ক্ৰয় কৰিবৰ বাবে নগাঁও চহৰৰ লগতে জিলাখনৰ কেতবোৰ স্হানত প্ৰশাসনৰ নিষেধাজ্ঞাক অমান্য কৰি কিছু লোকে দোকান বজাৰত ভিৰ কৰা পৰিলক্ষিত হয় ।
খাদ্য সামগ্ৰী আৰু শাক পাচলি ক্ৰয় কৰিবলৈ আহি এই সময়ত মানি চলিবলগীয়া সামাজিক ব্যৱধানৰ নীতিকো এই সকল লোকে আওকাণ কৰা দেখা গ’ল। যাৰ পৰিনতি ভয়াবহ হব পাৰে বুলি সচেতন মহলে শংকা প্ৰকাশ কৰিছে । লকডাউনৰ সময়ত নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানৰ ৰাজপথ জনশূন্য হৈ পৰে যদিও ইয়াৰ মাজতে জিলাখনৰ বিভিন্ন স্থানত আজিও কিছু লোকে লকডাউনৰ পৰামৰ্শৱলী উলংঘা কৰি ৰাজপথলৈ ওলাই অহাত আৰক্ষীয়ে মাৰপিট কৰি খেদি পঠিওৱা পৰিলক্ষিত হয়।
নগাঁও চহৰৰ বৰবজাৰ, হয়বৰগাঁও, কেচাআলি, ইটাচালিৰ লগতে জিলাখনৰ জুৰীয়া, কচুৱা, শিঙিমাৰী আদি বিভিন্ন অঞ্চলত ৰাজপথলৈ ওলাই অহা একাংশ লোকক আৰক্ষীয়ে মাৰপিট কৰ খেদি পঠিয়াই । ইপিনে, আজি পুৱা ভাগত নগাঁও চহৰৰ সদৰ থানাৰ সমীপত থকা শাক পাচলিৰ পাইকাৰী বজাৰৰ ব্যবসায়ী সকলে শাক পাচলি বিক্ৰীৰ ব্যৱস্থা কৰাত উক্ত বজাৰত ভালেসংখ্যক গ্ৰাহকৰ সমাগম ঘটাত সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত প্ৰশাসনে কিছু নিয়ম বান্ধি দিয়াৰ পাছতো নগাঁও চহৰৰ মাজমজিয়াৰ এই পাইকাৰী শাকপাচলি বজাৰখনত ব্যবসায়ী সকলে কেনেকৈ মুকলি ভাবে শাকপাচলি বিক্ৰী কৰিলে তাক লৈ প্ৰশ্নৰ উদয় হৈছে । আজি পুৱাৰে পৰা বজাৰখন আৰম্ভ হোৱাৰ লগে লগে একাংশ গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয়। গ্ৰাহকসকলে সামাজিক দূৰত্বৰ পৰামৰ্শৱলী আওকাণ কৰি বজাৰ খনত সমবেত হোৱাত চহৰখনৰ বিভিন্ন মহলে শংকা প্ৰকাশ কৰে।
পিছত জিলা যোগান বিভাগ আৰু নগাঁও আৰক্ষী বজাৰখনত উপস্থিত হৈ বজাৰখন বন্ধ কৰি দিয়াৰ লগতে প্ৰশাসনৰ নিষেধাজ্ঞাক মানি চলিবৰ বাবে সকলোকে সতৰ্ক কৰি দিয়ে। ইপিনে চহৰখনৰ বৰবজাৰ অঞ্চলত একাংশ ব্যৱসায়ীয়ে মুকলিকৈ শাকপাচলি, মাছ, মাংস বিক্ৰী কৰাৰ পৰিলক্ষিত হয়। চহৰখনৰ কেচাআলিকে ধৰি কেবা ঠাইতো শাক পাচলি মুকলিকৈ বিক্ৰী কৰা পৰিলক্ষিত হয়।
এনেদৰে গ্ৰাহকৰ ভিৰৰ মাজত শাক পাচলি, মাছ, মাংস বিক্ৰী কৰাত সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহনৰ বাবে জিলা প্ৰশাসনক দাবী জনায়। জিলাখনৰ ৰূপহীহাটৰ জীউমাৰী , জুৰীয়াৰ চুতিৰপাৰ আদিকে ধৰি জিলাখনৰ বহু ভিতৰুৱা অঞ্চলত শাকপাচলি, মাছ, মাংস বজাৰ বহা পৰিলক্ষিত হয়। জীউমাৰীত এনেদৰে মুকলিকৈ বজাৰ বহুৱাৰ ক্ষেত্ৰত আগভাগ লোৱা এগৰাকী মহিলাক ৰূপহীহাট আৰক্ষীয়ে আটক কৰে । ইপিনে জিলাখনৰ ৰূপহীহাটত একাংশ ইটা ভাটা , চিকনী চুপাৰীৰ তামোলৰ কাৰখানাত কাম চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । ৰূপহীহাট আৰক্ষীয়ে এই সন্দৰ্ভত ইটাভাটাৰ ৬ জন শ্ৰমিকক আটক কৰে।













