ASSAM TIMES POST
ডিফুঃ মাৰাত্মক কৰ’না ভাইৰাছক লৈ দেশজুৰি লকডাউনৰ সময়ত কাৰ্বি আংলঙ-নাগালেণ্ড সীমান্তঞ্চল ধনশিৰিতো বিশেষ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷
এইক্ষেত্ৰত ধনশিৰি আৰক্ষীয়েও লৈছে সতৰ্কতামূলক ব্যৱস্থা ৷ ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰীয়ে কৰ’না ভাইৰাছৰ ভয়াবহতা আৰু এই সন্দৰ্ভত বিশেষ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ সন্দৰ্ভত মাইকযোগে সজাগতা সৃষ্টি কৰে ৷ বিষয়াগৰাকীয়ে লকডাউনৰ সময়ত জনসাধাৰণক চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায় ৷ আনহাতে বিষয়াগৰাকীয়ে এলেকাটোত লকডাউনৰ সময়ত কিছু কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷













