ASSAM TIMES POST
নগাঁও : লকডাউনৰ সময়ত মুকলিভাবে অবাধে ঘূৰি ফুৰা একাংশ লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি একাংশ আৰক্ষীৰ লোক সমালোচিত হোৱাৰ বিপৰীতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়ে আজি গ্ৰহণ কৰে এক ইতিবাচক পদক্ষেপ।লকডাউনৰ সময়ছোৱাত দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা দৰিদ্ৰ লোক সকল যাতে খাদ্যৰ অভাৱত ভূগিব লগীয়া নহয় তাৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে গ্ৰহন কৰে এক বিশেষ পদক্ষেপ।
বটদ্ৰৱা আৰক্ষীয়ে বটদ্ৰৱা ভোমোৰাগুৰি গাৱঁৰ দৰিদ্ৰলোকৰ মাজত আজি বিতৰণ কৰে চাউল ,দাইলকে ধৰি কেতবোৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। বটদ্ৰৱাৰ দৰিদ্ৰলোক সকলৰ ঘৰত উপস্থিত হৈ খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰাৰ লগতে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ সম্পৰ্কত এইসকল লোকক সজাগ কৰে বটদ্ৰৱাৰ আৰক্ষীয়ে ।
ইপিনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ চক্র বিষয়া অজিত শৰ্মাই বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ মছজিদৰ ইমাম আৰু গাঁওবুঢ়া সকলক লৈ বটদ্ৰৱা আৰক্ষীক থানা চৌহদত লকডাউনৰ নীতি নিৰ্দেশনা সন্দৰ্ভত এক আলোচনাত মিলিত হয় । মছজিদত সমূহীয়া নামাজৰ লগতে অন্য নামাজৰ সময়তো তিনিজনতকৈ অধিক লোক যাতে উপস্থিত নহয় তাৰ বাবে সতৰ্ক কৰি দিয়ে চক্ৰ বিষয়া গৰাকীয়ে ।













