ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই অসমৰ কলেজ সমূহৰ অধ্যক্ষ সকলে তেওঁলোকৰ এদিনৰ দৰমহা চৰকাৰৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কলেজ অধ্যক্ষ পৰিষদে ।
অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা নগাঁও কলেজৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে আজি সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। পৰিষদৰ সভাপতি ড: বৰকটকীয়ে অসমৰ কলেজ সমূহৰ অধ্যক্ষ সকলক এই সন্দৰ্ভত অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক তথা বি বৰুৱা কলেজৰ অধ্যক্ষ ড : সত্যেন্দ্ৰ কুমাৰ বৰ্মমনৰ লগত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনায় ।













