ASSAM TIMES POST
ডিফু : যোৱা ২৫ মাৰ্চত ৰাজ্যিক সচিবালয়ৰ পৰা পোৱা পত্ৰক কেন্দ্ৰ আৰু ৰাজ্যিক দূৰ্যোগ আৰু ব্যৱস্থাপনৰ মেম’ নম্বৰ ২০/২০২০/৩৭ অনুসৰি কাৰবি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া জিলাখনত লকডাউনৰ মাজতে ৰাইজৰ সুবিধাৰ্থে কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খুলিবলৈ চৰ্ত সাপেক্ষে পৰামৰ্শৱালী আগবঢ়াইছে ৷




নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জিলাখনৰ গেলামাল, দোকান, পাছলি আৰু মাছ মঙহ দোকান সমূহ খোলা থাকিব ৷ দোকানী আৰু গ্ৰাহকৰ মাজত ১ মিটাৰ দূৰত্ব বজাই ৰখাৰ লগতে প্ৰয়োজনত চিহ্ন আঁকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
প্ৰতিজন গ্ৰাহক আৰু দোকান ষ্টাফৰ বাবে হেণ্ডৱাছ আৰু ছেনিটাইজাৰৰ সু ব্যৱস্থা দোকান সমূহত উপলব্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ দোকানৰ সন্মূখত বেছি ভিৰ হবলৈ নিদি ইয়াৰ লগতে দোকানৰ সামগ্ৰীত গ্ৰাহকে হাতেৰে স্পৰ্শ কৰিব নোৱাৰিব লগতে দোকানী বা দোকানৰ কৰ্মচাৰীয়ে সামগ্ৰী দিব পাৰিব ৷
সকলো দোকানীয়ে ন্যুনতম ষ্টাফলৈ দোকান চলাব লাগিব ৷ কৰ”না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সতৰ্কতামূলক ব্যৱস্থাৰ বাবে গ্ৰহণ কৰা বিভিন্ন সময়ৰ সিদ্ধান্ত সমূহ দোকানী আৰু গ্ৰাহকে মানি চলাৰ বাবে বাধ্য থাকিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে অন্যথা উপযুক্ত আইনৰ ধাৰাত শাস্তি বিহা হব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷













