ASSAM TIMES POST
বাহাৰঘাটঃ বিশ্বত্ৰাস মহামাৰী কৰ’না ভাইৰাছৰক পৰাস্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে সমগ্র দেশকে তলাবন্ধ কৰাৰ সময়তে ইয়াক সমাজৰ একাংশ লোকে অমান্য কৰি অহা দেখা গৈছে। অৱশ্যে অমান্যকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনেও কঠোৰ আইনীস্থিতি গ্ৰহণ কৰিছে। আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বিলপাৰ-নাৰিকুছি চ’কৰ বড়ো চুবুৰীৰ সমীপত লকডাউন অমান্যকাৰী দুগৰাকী যুৱকক ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে।
আটকাধীন যুৱক দুগৰাকী ক্ৰমে নাৰিকুছি গাঁৱৰ কামিনী ডেকাৰ পুত্ৰ খৰ্গেশ্বৰ ডেকা (৩১) আৰু শংকৰ বড়োৰ পুত্ৰ কৃষ্ণ বড়ো (১৯) বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিব দিয়ে। আজি ঘগ্ৰাপাৰ আৰক্ষীৰ এটা ভ্ৰাম্যমাণ দলে ঘুৰি থকাৰ সময়তে আটকাধীন দুয়োগৰাকীয়ে উক্তস্থানত অনাহকতে আড্ডা মাৰি আছিল। ঘগ্ৰাপাৰ আৰক্ষীয়ে ইতিমধ্যে দুৰ্যোগ প্ৰশমন আইন ২০০৫ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮/৩৪ ধাৰাত এটি কেচ দুয়োগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে।
উল্লেখ্য্য যে, আৰক্ষীয়ে আজি ঘগ্ৰাপাৰ থানা এলেকাৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কৰ’না বিৰুদ্ধে সজাগ আৰু লকডাউনৰ ওপৰত জনসাধাৰণক সজাগ কৰিবলৈ উঠি পৰি লাগে। লগতে প্ৰশাসনে নিৰ্দেশ দিয়া নিয়মসমুহৰ লগতে প্ৰতিদিনে দিনৰ ৯ বজাৰ পৰা ১ বজালৈ গেলামাল দোকান খোলাৰ পৰামৰ্শ দিয়ে।













