ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ বুজ ল’লে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে। আজি বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে ফোন কৰি নগাঁও জিলা উপায়ুক্তৰ লগত এক টেলিফোনিক বাৰ্তালাপত মিলিত হয।
তেওঁ জিলাখনত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱা হৈছে তাৰো বুজ লয়। কৰোনাতংকৰ মাজতে বহি:ৰাষ্ট্ৰ আৰু বহি:ৰাজ্যৰ পৰা নগাঁও জিলালৈ প্ৰত্যাৱৰ্তন কৰা লোক সকলৰ সন্দৰ্ভত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰো বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী জনে ।
তেওঁ আনকি জিলাখনত প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুত আছে নে নাই তাৰো খবৰ লয়।













