ASSAM TIMES POST
বঙাইগাঁওঃ গোটেই বিশ্বজুৰি মহামাৰীৰূপ দেখা দিয়া কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত দেশজুৰি আহ্বান জনোৱা লকডাউন অমান্য কৰাৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে দৃঢ় পদক্ষেপ ৷ আজি সন্ধিয়া বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলিয়ে সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰি কয় যে লকডাউন চলি থকাৰ মাজতে জিলাখনৰ লেংটিছিঙাৰ প্ৰদীপ বিড়ি নামৰ এটি বিড়ি ফেক্টৰীত আৰক্ষীয়ে অভিযান চলাই উক্ত ফেক্টৰীটোত বহু সংখ্যক শ্ৰমিকে কাম কৰাটো ধৰা পেলায় ৷
ইয়াৰ পিছতে বিড়ি ফেক্টৰীৰ মালিক অতুল ঘোষৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷ তেওঁৰ বিৰুদ্ধে অভয়াপুৰী থানাত ২০৮/২০২০ (U/s 188/270 IPC, R/w Sec. 50(b)/ 52 দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ) নম্বৰৰ এটি গোচৰ ৰুজু কৰা হয় ৷
ইপিনে, জিলাখনৰ যোগীঘোপাত নয়না ইটা নামৰ ইটাভাটাত আৰক্ষীয়ে এক অভিযান চলাই উক্ত ভাটাটোতো কাম অব্যাহত থকাটো ধৰা পেলায় ৷ আৰক্ষীয়ে উক্ত ইটাভাটা মালিকৰ বিৰুদ্ধেও যোগীঘোপা থানাত ১২০/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰে ৷ জানিব পৰা মতে, যোগীঘোপাৰ ৰোজ ইটাভাটাৰ বিৰুদ্ধেও বইটামাৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশে যোগীঘোপা আৰক্ষী থানাত অসম কোভিড ৰেগুলেচনৰ ২০২০ আৰু সমগ্ৰ দেশতে চলি থকা লকডাইন অমান্য কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে ৷
ইপিনে, জিলাখনৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২নং জাৰাগুৰিত আজি আৰক্ষীয়ে তিনিজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ জেহেৰুল ইছলাম ( ২০) একদুল ইছলাম ( ১৯ ) আৰু ইমান আলী (৩৪ বছৰ) নামৰ যুৱক তিনিজনৰ ঘৰ বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলত ৷ তিনিওজন যুৱককে তেজপুৰত আছুতীয়াকৈ ৰখা হৈছিল যদিও তাৰ পৰা পলায়ণ কৰি যুৱক তিনিজনে বঙাইগাঁৱত প্ৰৱেশ কৰে ৷ ইয়াৰ পাছতেই আৰক্ষীয়ে কৰায়ত্ত কৰি নিজ ঘৰতে যুৱক তিনিজনক আছুতীয়াকৈ আৱদ্ধ কৰি ৰখাৰ ব্যবস্থা কৰে ৷ এই যুৱক তিনিজনৰ বিৰুদ্ধে আৰক্ষীয়ে মানিকপুৰ থানাত ১১৬/২০২০ (U/s 269/270/271 IPC) নম্বৰৰ এক গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
আনহাতে, বঙাইগাঁও চহৰৰ লগতে সমগ্ৰ জিলাখনতে লকডাউন কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দি লকডাউন নমনাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে কয় ৷













