ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড় : সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ ধাৰন কৰা কৰা ক’ৰোনা ভাইৰাছৰ আতংকই সম্প্ৰতি সকলোকে খেদি ফুৰিছে।দেশত লক ডাউন ঘোষণা কৰাৰ পিছত ডিব্ৰুগড়তো সাধাৰন ৰাইজ গৃহবন্দী হৈ আছে যদিও একাংশই বজাৰলৈ যোৱাৰ অযুহাতত অযথা দোকানসমূহত ভীৰ কৰা পৰিলক্ষিত হৈছে।
জিলা প্ৰশাসনে অধিক দামত বস্তু বিক্ৰী নকৰিবলৈ নিৰ্দ্দেশ দিয়াৰ পিছতো কিন্তু অঞ্চল বিশেষে দোকানীয়ে গ্ৰাহকৰ পৰা অধিক মূল্য আদায় কৰাৰ অভিযোগ আহিছে।ইফালে চহৰখনৰ দক্ষিন আমোলাপট্টীৰ টেকেলা গাঁওৰ ৰাইজে আজিৰে পৰা অহা ১৪ এপ্ৰিললৈ গাঁওৰ প্ৰধান প্ৰৱেশ পথটো সকলো ৰাইজৰ বাবে বন্ধ কৰি দিছে।
স্থানীয় সচেতন ব্যক্তি প্ৰকাশ দুৱৰাই ব্যক্ত কৰা মতে বহু অচিন লোক এই পথৰে আহ-যাহ কৰে।বহু ভাড়া ঘৰ থকাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ সমাগম হয়।সেয়ে এনে সমাগম আৰু বাহিৰা লোকৰ আহ-যাহ ৰোধ কৰিবৰ বাবেই ৰাইজে এনে পদক্ষেপ হাতত লৈছে।
তাৰোপৰি এই ২১ দিন সকলোৱে নিজ ঘৰতে থাকি,অসমখন,আমাৰ সমাজখনক ক’ৰোনা ভাইৰাছৰ সংক্ৰমনৰ পৰা ৰোধ কৰাৰ বাবে দুৱৰাই আহবান জনায়।স্বাভাবিকতেই টেকেলা গাওৰ ৰাইজৰ এনে বলিষ্ঠ সিধান্তই সকলোকে নতুন চিন্তাৰ খোৰাক জোগাইছে।













