ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটীঃ দেশবাসীক লকডাউনৰ সময়ছোৱাত মনোৰঞ্জন দিবলৈ শনিবাৰৰ পৰা পুনৰ সম্প্ৰচাৰৰ হ’ব ৰামায়ণ । সুদীৰ্ঘ ৩২বছৰ মূৰত সুদীৰ্ঘ দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ হ’ব জনপ্ৰিয় ধাৰাবাহিকখন । পুৱা আৰু সন্ধিয়া দুটা সময়ত প্ৰতিদিনে উপভোগ কৰিব পাৰিব ধাৰাবাহিকখন।

২৮মাৰ্চ শনিবাৰে পুৱা ৯বজা পৰা আৰম্ভ হ’ব । প্ৰতিদিনে ১০বজালৈ ১ঘণ্টাকৈ সম্প্ৰচাৰ হ’ব ধাৰাবাহিকখন । একেদৰে ৰাতি ৯টা পৰা ১০টা বজালৈ পুনৰ সম্প্ৰচাৰ হ’ব। DD National জৰিয়তে সম্প্ৰচাৰিত হ’বলগীয়া এই অনুষ্ঠানৰ বিষয়ে জনাইছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৷

উল্লেখ্য যে, পূৰ্বতে ১৯৮৭ৰ পৰা ১৯৮৮লৈ ডিডি নেশ্যনেল যোগে সম্প্ৰচাৰ হৈছিল এই ভক্তিমূলক ধাৰাবাহিকখন । ৰামায়ণ ছিৰিয়েলখনেই সমগ্ৰ বিশ্বত সকলোতকৈ অধিক উপভোগ কৰা ভক্তিমূলক চিৰিয়েল হিচাপে গীনিজ ৱৰ্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছিল ৷













