ASSAM TIMES POST
ডিফু : কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ মাজতে ৰাইজক আংশিক সকাহ দিয়াৰ বাবে জিলা প্ৰশাসনে জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ দোকান সমুহ চৰ্ত সাপেক্ষে খোলাৰ নিৰ্দেশ প্ৰদান কৰিছিল যদিও শেহতীয়াকৈ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আন এক নিৰ্দেশনা যোগে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ সেই দোকান সমূহ পুণৰ বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰী কৰিছে ৷
KA/DDMA/01/2020/159 Dtd, 26/03/2020 and KA/ DDMA/01/2020/160 Dtd 27/03/2020 নিৰ্দেশনা যোগে জিলাখনত পূৰ্বে খুলিবলৈ নিৰ্দেশ দিয়া পাচলি, গেলামাল,কুকুৰা,মাছ মঙহৰ পাইকাৰী আৰু খুছুৰা দোকানৰ সামগ্ৰী সমূহৰ ক্ৰয় বিক্ৰয় পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ৷
উল্লেখযোগ্যযে, লকডাউনৰ সময়ত ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ক্ৰয় কৰিবলৈ কিছু শিথিল কৰি দিছিল যদিও ৰাইজে সামগ্ৰী সমূহ ক্ৰয় কৰিবলৈ কোনো সামাজিক দূৰত্ব বা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম পালন কৰা পৰিলক্ষিত নহ’ল অথচ টাউন, বজাৰ সমূহত গ্ৰাহক বা পথচাৰীৰ হেঁতা- উপৰা লাগিল ৷
ফলত লকডাউনৰ নামত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷যি সময়ত মহামাৰী সদৃশ কৰ’না ভাইৰাছত দেশত ৭৫৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ২০ জনে কৰুণ ম়ত্যুক সাৱটিব লগীয়া হৈছে তেনে সময়তো ৰাইজৰ মাজত কৰ’না সন্দৰ্ভত প্ৰয়োজনীয় সচেতনতাৰ অভাবে এক নিশ্চিত বিপৰ্যয়ৰ মুখলৈ ঠেলি নিয়াহে পৰিলক্ষিত হৈছে ৷













