ASSAM TIMES POST
গুৱাহাটীঃ মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন । লকডাউন সময়ছোৱাত ৰাইজৰ সুবিধা হোৱাকৈ জৰুৰীকালীন সেৱা, খাদ্য-সামগ্ৰী সেৱা বাহিৰে সকলো বন্ধ ৰখা হৈছে । প্ৰশাসনৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে এই সময়ছোৱাত বিনা কাৰণত কোনো যাতে ঘৰৰ পৰা ওলাই নাহে। বন্ধ কৰি দিয়া হৈছে ধৰ্মীয় অনুষ্ঠাত ৰাইজৰ প্ৰৱেশ ।
ইয়াৰ পিছতো ৰাইজে কোনো গুৰুত্ব দিয়া নাই প্ৰশাসন নির্দেশ । নির্দেশ অমান্য কৰি মহানগৰীৰ গুৱাহাটী ক্লাবৰ বুঢ়া মছজ্জিদত জুম্মাৰ নামাজ পঢ়িবলৈ ওলাই আহে । প্ৰশাসনৰ নির্দেশ অমান্য কৰি গুৱাহাটী নামাজ পঢ়িবলৈ ওলাই অহা এইসকল ব্যক্তিক গুৱাহাটী ক্লাবত আঁঠু কঢ়াই প্ৰদান কৰে শাস্তি। তাৰ বিপৰীতে একাংশক প্ৰদান কৰে লাঠীৰ কোব।













