ASSAM TIMES POST
বাহাৰঘাটঃ বিশ্ব ত্ৰাস কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনৰ বাবে সমগ্ৰ দেশতে লকআউট ঘোষণা কৰাত দেশখনৰ লগতে বাহাৰঘাট অঞ্চলটো সৰ্বাত্মক ৰূপত ৰাইজে পালন কৰে ৷ উল্লেখযোগ্য যে বুধবাৰে একাংশ উদণ্ডই লকডাউন উলংঘা কৰাত আৰক্ষী বাহিনীৰ লোকে ঠায়ে ঠায়ে লাঠী চাৰ্জ কৰিবলৈ বাধ্য হৈছিল ৷
তাৰপাছত বৃহস্পতিবাৰৰ পৰা সৰ্বাত্মক ৰূপত লকডাউন পালন কৰি বাটপথ জনশূন্য কৰি তোলে ৷ আনহাতে, অঞ্চলটোৰ একাংশ গঞাই গাওঁখনৰ প্ৰৱেশ পথত বেৰ দি অন্য লোকৰ প্ৰবেশ নিষিদ্ধ ফলক আৰি দিয়ে ৷
মনকৰিবলগীয়া যে সংহাৰী কৰ’না ভাইৰাছ সংক্ৰামণৰ প্ৰতিৰোধৰ বাবে অঞ্চলটোৰ বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন স্থগিত ৰখাৰ লগতে বাহাৰঘাটৰ ৰাজহুৱা অশোকাষ্টমীকে ধৰি অঞ্চলটোৰ বহুতো ৰাজহুৱা অনুষ্ঠান বাতিল কৰাৰ লগতে একাংশই মাত্ৰ ধৰ্মীয় পৰাম্পৰা ৰক্ষা কৰিয়ে অনুষ্ঠান সামৰিব বুলি সংবাদ মাধ্যমক জানিব দিছে ৷













