ASSAM TIMES POST
নগাঁও : নেখাই মৰাৰ সলনি যেন খাই মৰাৰ প্ৰতিযোগিতাত নামি পৰিছে একাংশ অবিবেচক লোক। কৰ’না ভাইৰাছৰ ভয়াবহতাক লৈ ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহবান দিয়া লকডাউনৰ নীতি নিয়মক একাষৰীয়া কৰি আজি নগাঁও চহৰত একাংশ লোক ঢাপলি মেলিলে শাকপাচলি বজাৰলৈ। নগাঁও চহৰৰ বৰবজাৰ অঞ্চলত নগাঁও সদৰ থানাৰ সমীপতে থকা এখন পাচলি বজাৰত আজি পুৱা ভাগত গ্ৰাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় । শাক-পাচলি ক্ৰয় কৰিবলৈ অহা এইসকল লোকৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ কোনো ধৰণৰ শংকা ভাৱ থকা দেখা পোৱা নগ’ল ।
বৰঞ্চ লকডাউনৰ সময়ছোৱাত প্ৰশাসনে জাৰি কৰা নিয়মাৱলীক পিঠি দি এইসকল লোকে বজাৰখনত শাক পাচলি ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগালে। উল্লেখ্য পাচলি দোকানৰ ওচৰতে একাংশ ব্যৱসায়ীয়ে মাছ, শুকান মাছকে ধৰি অন্যান্য খাদ্য সামগ্ৰীও বিক্ৰী কৰা দেখা গ’ল । আনকি নিয়ম নমনা গ্ৰাহকৰ শাৰীত দুজনমান আৰক্ষীৰ লোকো আছিল ।
বজাৰখনত সামগ্ৰী ক্ৰয় কৰিবলৈ মানুহৰ এনে হেতা-ওপৰা দেখি সেই স্থানত উপস্থিত হোৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা হতবাক হৈ পৰে । লকডাউন অমান্য কৰি বজাৰখনত উপস্থিত থকা ব্যৱসায়ী আৰু গ্ৰাহকক কৰ’না ভাইৰাছ সংক্ৰমণৰ ভয়াবহতাৰ বিষয়ে সতৰ্ক কৰি দি বিধায়ক শৰ্মাই কৰযোৰে তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ বজাৰখনত সমবেত হোৱা লোকসকলক অনুৰোধ জনায় ।
আনহাতে বজাৰখন লগে লগেই বন্ধ কৰি দিয়া হয় । বজাৰখনৰ এনে পৰিবেশ সন্দৰ্ভত বিধায়ক শৰ্মাই কয় যে লকডাউন অমান্য কৰি আজি শাক পাচলিৰ বজাৰত মানুহে যিটো হাৰত ভিৰ কৰিলে ই সকলোৰে ক্ষতিসাধন কৰিব । এনে ধৰণৰ ভিৰ পৰিহাৰ কৰি লকডাউনৰ সময়ত নিজৰ ঘৰত সুস্থভাৱে থাকিবলৈ বিধায়ক গৰাকীয়ে ৰাইজক আহ্বান জনায় । লকডাউনৰ নিয়ম মানি খাদ্য সামগ্ৰী আৰু শাক পাচলি আদি ৰাইজে ক্ৰয় কৰিব পৰাৰ ব্যৱস্হা কৰা হব বুলিও বিধায়কগৰাকীয়ে জনায়।













