ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্য স্বাস্থ্য বিভাগে ক’ভিড-১৯ চিকিৎসালয় নিৰ্মাণ কৰিব বিচাৰিলে নিজৰ ১০বিঘা মাটি চিকিৎসালয় নিৰ্মাণৰ বাবে দান কৰা কথা ঘোষণা কৰিছে ৰাজ্য এগৰাকীৰ যুৱ ব্যৱসায়ী কৃষ্ণ মহন্তই।নগাঁও জিলা, কলিয়াবৰ বালিসত্ৰ নিৰ্বাসী মহন্তই এই কথা প্ৰকাশ কৰি ৰাজ্য স্বাস্থ্য বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে।
তেওঁ পত্ৰত উল্লেখ কৰিছে যদি কভি’ড-১৯ৰ চিকিৎসালয় নিৰ্মান কৰা বাবে মাটি প্ৰয়োজন হয় তেন্তে কলিয়াবৰত থকা তেওঁলোকৰ ১০বিঘা মাটি স্বাস্থ্য বিভাগক দান কৰিবলৈ আগ্ৰহী। ইতিমধ্যে তেওঁ ৰাজহ বিভাগত আনুষ্ঠানিকতা সম্পন্ন কৰি ৰাজ্য স্বাস্থ্য বিভাগ লৈ পত্ৰ প্ৰেৰণ কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে ক’ৰনা ভাইৰাচৰ যুজঁ খনত ৰাজ্য স্বাস্থ্য বিভাগক কিঞ্চিত পৰিমাণে হলেও সহায় কৰাৰ মানসেৰে ব্যৱসায়ী মহন্তই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে।













